অসম

assam

ETV Bharat / state

স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলিছে নেকি গোলাঘাটত ! - স্বাস্থ্য বিভাগত চাকৰি

Job Scams in Golaghat: স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্ন লোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷

Allegations of collecting money in Golaghat in the name of jobs
স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলিছে নেকি গোলাঘাটত

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 11:00 PM IST

স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলিছে নেকি গোলাঘাটত

গোলাঘাট, 11 জানুৱাৰী :লাখ লাখ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ ক্ষেত্ৰত যাতে নিকা আৰু স্বচ্ছ হয় তাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ কিন্তু একাংশ লোকে স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত মুকলি বজাৰ চলাইছে গোলাঘাটত । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত লাখে লাখে টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷ গোলাঘাটৰ টি বি চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰত চাকৰি প্ৰদানৰ নামত গোলাঘাটৰ চিকিৎসক ডাঃ সুনীতা এক্কাই 33 গৰাকীকৈ লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ উঠিছে ৷

এইক্ষেত্ৰত ভুক্তভোগী যুৱকে সাংবাদিকৰ আগত কয়, ‘‘ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ডাঃ সুনীতা এক্কাই আমাৰ পৰা 2 লাখ টকা লৈছিল ৷ চৰকাৰী বিজ্ঞাপন দেখুৱাই লিখিত পৰীক্ষা বা মৌখিক সাক্ষৎকাৰ অবিহনে স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ কথা কৈছিল ৷ কিন্তু কেইবাবছৰো উকলি যোৱাৰ পাচতে চাকৰি নাপালো ৷ বৰঞ্চ তেওঁ আমাৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰে যোৰহাট আৰক্ষী থানাত ৷’’

ইফালে, সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত অস্বীকাৰ কৰি সাংবাদিকৰ আগত কয়, ‘‘ মাই কেতিয়াও তেনে কাম নকৰো ৷ মই কিয় এনেকুৱা কাম কৰিম ৷ মই একো নাজানো ৷ মই কাৰো বিৰুদ্ধে অভিযোগক দাখিল কৰা নাই ৷ সিহঁতে কিয় মোৰ বিৰুদ্ধে অভিযোগ দিছে মই নাজানো ৷ মানুহ কেইজনক চিনি পাওঁ কিন্তু তেওঁলোকৰ পৰা কোনো চাকৰিৰৰ নামত ধন লোৱা নাই ৷’’ ধন লোৱা ভিডিঅ’ৰ ভাইৰেল হোৱাৰ পাচতো সমগ্ৰ ঘটনা অস্বীকাৰ কৰে চিকিৎসকগৰাকীয়ে ৷

লগতে পঢ়ক :পদুলিত ভোগালী: ঢেকীৰ শব্দই ৰজনজনাইছে ৰাজ্যৰ চৌদিশ

ABOUT THE AUTHOR

...view details