দেখিও নেদেখে দেৰগাঁৱৰ বিধায়কে ! ক্ষোভত ফাটিছে সমষ্টিবাসী - constructing
দেৰগাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চহৰৰ নিচেই কাষতে থকা মালৌআলি কৃষ্ণ নগৰত দেখা পোৱা গৈছে স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীৰ কাৰ্যকালত হোৱা উন্নয়নৰ নমুনা ৷ বিগত 2015-16 বৰ্ষতে পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুক্তি যোদ্ধা পথ নামৰ মালৌআলি হৈ কৃষ্ণ নগৰলৈ যোৱা পথটো আজিও অসম্পূৰ্ণ ৷
![দেখিও নেদেখে দেৰগাঁৱৰ বিধায়কে ! ক্ষোভত ফাটিছে সমষ্টিবাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3266252-thumbnail-3x2-dergaon.jpg)
দেৰগাঁও, 13 মে': দেৰগাঁৱত এম জি এন ৰেগা আচনিৰ অধীনত নিৰ্মাণ হোৱা পথত 5 বছৰতো নপৰিল পেভাৰ ব্লক ৷ দেৰগাঁৱৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চহৰৰ নিচেই কাষতে থকা মালৌআলি কৃষ্ণ নগৰত দেখা পোৱা গৈছে স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীৰ দিনত হোৱা উন্নয়নৰ নমুনা প্ৰতিচ্ছৱি ৷ বিগত 2015-16 বৰ্ষতে পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ বাবে নিৰ্ধাৰণ কৰা মুক্তি যোদ্ধা পথ নামৰ মালৌআলি হৈ কৃষ্ণ নগৰলৈ যোৱা পথটো ৷ কিন্তু 4,94,232 টকাৰ নিৰ্মাণ কৰিব লগীয়া পথটোত আজিকুপতি পেভাৰ ব্লক নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বিগত 5 বছৰে প্ৰথম পয্যায়ত পেভাৰ ব্লকেৰে উক্ত পথটো মাত্ৰ 50 মিটাৰহে নিৰ্মাণ কৰা ফলত যাতায়তত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ ৷ 1 কিলোমিটাৰ দৈঘ্যৰ পথটি নিৰ্মাণৰ দ্বিতীয় পয্যায়ৰ আচনিৰ ধন হিচাপে 4,91,202 টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও আজিও পেভাৰ ব্লক নপৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিৰ্মাণৰ বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি চকু মুদা কুলিৰ ভাও যোৰাৰ অভিযোগ দেৰগাঁৱৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷