অসম

assam

By

Published : Jul 21, 2022, 12:41 PM IST

Updated : Jul 21, 2022, 2:33 PM IST

ETV Bharat / state

Murder in Goalpara: ডিঙি ৰেপি বোৱাৰীক হত্যা

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাপাৰা লুপ্ত চৰত বুধবাৰে সংঘটিত হয় এটি নৃশংস হত্যাকাণ্ড । পাৰিবাৰিক কন্দলৰ বাবে নৃশংশভাৱে হত্যা কৰা হ'ল এগৰাকী বোৱাৰীক ৷

Allegation against husband to kill his wife in Goalpara
ডিঙি ৰেপি বোৱৰীক হত্যা

গোৱালপাৰা, 21 জুলাই :গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাপাৰা লুপ্ত চৰত বুধবাৰে সংঘটিত হয় এটি নৃশংস হত্যাকাণ্ড । পাৰিবাৰিক কন্দলৰ বাবে নৃশংশভাৱে হত্যা কৰা হ'ল এগৰাকী বোৱাৰীক ৷

অভিযোগ অনুসৰি, ডুবাপাৰা লুপ্ত চৰৰ জাহিৰুল ইছলাম নামৰ লোকজনৰ পত্নী আনজেৰা খাতুনৰ সৈতে দীৰ্ঘদিনৰ মনোমালিন্য চলি আহিছিল । আনজেৰা খাতুনৰ এটি ৩ বছৰীয়া সন্তান থকাৰ লগতে তেওঁ ৫ মাহৰ অন্তঃসত্বাও আছিল । অন্য দিনৰ দৰে বুধবাৰেও পুৱাৰ ভাগত দুই স্বামী-স্ত্ৰীৰ মাজত পুনৰ কাজিয়াৰ সূত্ৰপাত ঘটিছিল ।

ডিঙি ৰেপি বোৱাৰীক হত্যা

এটা সময়ত দুয়োৰে কাজিয়াৰ চৰম সীমা পাৰ হোৱাত জহিৰুল ইছলামে পত্নী আনজেৰা খাতুনক ডিঙি ৰেপি হত্যা কৰে(Allegation against husband to kill his wife) । ইফালে এই ঘটনা সংঘটিত কৰিয়েই স্বামী জহিৰুলে ঘৰৰ পৰা পলায়ন কৰে । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাত মৰনৈ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ।

আনহাতে, আৰক্ষীয়ে অভিযুক্ত জহিৰুলৰ সন্ধান নোপোৱাত জহিৰুলৰ পিতৃ মৈনুদ্দিন আৰু মাতৃ লালভানু নেছাক সোধ-পোচৰ বাবে আৰক্ষী থানালৈ লৈ আহে ৷ লগতে মৃত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Murder at Manikpur: পৰকীয়া প্ৰেমৰ পৰিণাম ! চোকা অস্ত্ৰৰে বোৱাৰীক হত্যা

Last Updated : Jul 21, 2022, 2:33 PM IST

ABOUT THE AUTHOR

...view details