গোলাঘাট, ১৩ ফেব্ৰুৱাৰীঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জনগোষ্ঠীয় সংগঠনসমূহে। ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ পিচত বিজেপি দলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
গোলাঘাটত জুৱেল অৰামৰ প্ৰতিকৃতি দাহ - Ministry of Tribal Affairs
ৰাজ্যসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন নকৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যযুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় । ইয়াৰ প্ৰতিবাদত গোলাঘাটত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অৰাম তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে ।

প্ৰতিশ্ৰুতি ভাষণতে সীমাবদ্ধ ৰাখি কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে বৰঞ্চ ৰাজ্যৰ ছয় জনগোষ্ঠীক ইমানদিনে প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই । কেন্দ্ৰীয় চৰকাৰৰ বঞ্চণা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত সংগঠনটোৱে গোলাঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অৰাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে আটাছুৱে । ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে শীঘ্ৰেই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে লোকসভা নিৰ্বাচনত ইয়াৰ সমূচিত প্ৰত্যুত্তৰ লাভ কৰিব বুলি বিজেপি চৰকাৰক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ।