বোকাখাত, 15 নৱেম্বৰ :বোকাখাত নাট্য মন্দিৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক বেনেদী তপ্পই কয়, চাহ জনগোষ্ঠীৰ অন্যতম এই আদিবাসীসকল ৷ আদিবাসীসকলকহে জনজাতিকৰণ কৰিব লাগে আৰু জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে ৷
কিন্তু জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটোক অসম চাহ মজদুৰ সংঘৰ লগতে বৰ্তমানৰ চাহ জনগোষ্ঠী ৰাজনীতিকৰণ কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ তাৰ বাবে জনগোষ্ঠীয় মহাসভাৰ সভাপতি তথা বিধায়ক টেৰছ গোৱালাৰ লগতে মুখ্যমন্ত্ৰীক ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ছাত্ৰ নেতা গৰাকীয়ে ৷
লগতে পঢ়ক:কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা