গোলাঘাট,19অক্টোবৰঃ ৰাজ্যজুৰি ক্ৰমাৎ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৷ গোলাঘাটতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70টা সংগঠনৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলে আৰম্ভ কৰিলে নিৰ্বাচনী কুচকাৱাজ ৷ দলটোৱে নিজৰ সাংগঠনিক ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যি সোমবাৰে গোলাঘাট জিলা পুথিভঁৰালত ৰাইজৰ দলৰ জিলা পৰ্যায়ৰ এখন আহ্বায়ক সমিতি গঠন কৰে ৷
কাৰাগাৰত থাকি টীয়ক আৰু শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব অখিল গগৈয়ে
ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে কাৰাগাৰৰ পৰাই আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত কৃষক নেতা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰাৰ লগতে কৃষক নেতা গৰাকীয়ে শিৱসাগৰ আৰু টীয়ক দুয়োটা সমষ্টিৰ পৰাই ৰাইজৰ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও সদৰী কৰে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে ৷
গোলাঘাটত আহ্বায়ক সমিতি গঠন কৰি দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে কাৰাগাৰৰ পৰাই আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত কৃষক নেতা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰাৰ লগতে কৃষক নেতাগৰাকীয়ে শিৱসাগৰ আৰু টীয়ক দুয়োটা সমষ্টিৰ পৰাই ৰাইজৰ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও সদৰী কৰে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে ৷ আনহাতে,সোমবাৰে অনুষ্ঠিত ৰাইজৰ দলৰ সভাত ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাস, ৰাইজৰ দলৰ নেতা ৰতন দাওৰ লগতে বহুকেইজন নেতাই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃপৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান