গোলাঘাট, 3 অক্টোবৰ :গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ। নগৰখনৰ বাটা পইণ্টত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ।
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ।
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
উল্লেখযোগ্য যে, ৰাজ্যত অত্যাৱশকীয় খাদ্য সামগ্ৰী সমূহৰ হোৰাহোৰে বৃদ্ধি পাইছে মূল্য । কিন্তু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে । তাৰোপৰি বিজেপি চৰকাৰ গ'বেক, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, ৰাজ্য চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ কাৰী সকলে ।
লগতে পঢ়ক :গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ