গোলাঘাট,11 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে গোলাঘাট । শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয় বিক্ষোভ কাৰ্যসূচী ।
গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
শুকুৰবাৰে গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে পুনৰ ৰাজপথ কঁপাই তোলে সংগঠনটোৱে ৷
![গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ golaghat ajycp protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9841149-thumbnail-3x2-g.jpg)
গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ
গোলাঘাটত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ
বিজেপি চৰকাৰ গ’ বেক, সৰ্বানন্দ সোণোৱাল লাজ নাই, ৰাজ্য চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে গোলাঘাট চহৰৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠনটোৱে । যদি শীঘ্ৰেই চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷
লগতে পঢ়ক :কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল