অসম

assam

ETV Bharat / state

গোলাঘাটত কা' বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিভিন্ন জিলাৰ লগতে গোলাঘাটতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷

AJYCP Protest Against CAA At Golaghat
গোলাঘাটত কা' বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 17, 2020, 5:42 PM IST

গোলাঘাট, 17 আগষ্টঃসোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে গৃহীত কৰিবলৈ বিচৰা EIA 2020 বাতিলৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰে ৷

গোলাঘাটত কা' বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ঠিক একেদৰে গোলাঘাটত চহৰৰ বাটা পইন্টৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাট জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 খচৰা বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। 'কা' আমি নামানো, কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে । অতি শীঘ্ৰে চৰকাৰে 'কা' আৰু EIA 2020 খচৰা বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক-নগাঁৱত CAA ৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details