অসম

assam

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 7:10 PM IST

ETV Bharat / state

বছা ভৰলুৱা গাঁৱত লুৰিণজ্যোতি গগৈ: 25 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ দাবী

Dergaon Bus Accident: বছা ভৰলুৱা গাঁৱৰ ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি ৷ নিহতৰ পৰিয়ালক 25 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ দাবী ৷

Dergaon Bus Accident
এককালীন সাহাৰ্য দিয়াৰ দাবী

দেৰগাঁৱৰ দুৰ্ঘটনাৰ নিহতৰ পৰিয়ালক সাক্ষাৎ অজাপৰ সভাপতিৰ

গোলাঘাট, 7 জানুৱাৰী : "চূড়ান্ত অব্যৱস্থাৰ কাৰণে আৰু উজনি অসমৰ ঘাইপথ নিৰ্মাণত দিছপুৰৰ অৱহেলাৰ কাৰণে এই সমগ্ৰ ঘটনা ঘটিল ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ দেওবাৰে বছা ভৰলুৱা গাঁৱৰ ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ এটা দল ৷ ইয়াত উপস্থিত হৈ এই কৰুণ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজাপৰ সভাপতিজনে ৷

অজাপৰ সভাপতিজনে কয় যে, এই ঘটনা এটা অতি হৃদয় বিদাৰক ঘটনা ৷ লগতে এই ঘটনাত মৃত্যু হোৱা লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰে তেওঁ ৷ তেওঁ কয় যে, চূড়ান্ত অব্যৱস্থাৰ কাৰণে আৰু উজনি অসমৰ ঘাইপথ নিৰ্মাণত দিছপুৰৰ অৱহেলাৰ কাৰণে এই সমগ্ৰ ঘটনা ঘটিল ৷ নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত অব্যৱস্থাপনা, দায়িত্বজ্ঞানহীনতা তাৰ লগতে প্ৰশাসনিক বিভিন্ন শিথিলতাৰ বাবে এই ঘটনা ঘটিল বুলি কয় তেওঁ ৷ মানুহৰ ফাইন কটাতে পুলিচ-প্ৰশাসন ব্যস্ত, মানুহৰ জীৱনৰ নিৰাপত্তা দিয়াত তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ বুলি উল্লেখ কৰে গগৈয়ে ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰা চোৰাংকৈ কয়লা কঢ়িওৱা ট্ৰাকখনৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে ৷ ডেৰশ কিলোমিটাৰ পথ চোৰাং কয়লা কঢ়িওৱা এখন ট্ৰাক কেনেদৰে আহিবলৈ পালে বুলি তেওঁ প্ৰশ্ন কৰে ৷ তেওঁ কয় যে, এইদৰে চোৰাংকৈ কয়লা, কাঠ বা অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া ট্ৰাক সমূহে কেৱল চোৰাং ব্যৱসায়েই কৰা নাই অথবা প্ৰাকৃতিক সম্পদ সমূহকে ধ্বংস কৰি দিয়া নাই, এইবোৰ এতিয়া মানুহৰ প্ৰতিয়ো ভাবুকি হৈ পৰিছে ৷ এই সমূহ এতিয়া এক প্ৰকাৰ মৃত্যুদূতলৈ পৰিণত হৈছে বুলি উল্লেখ কৰে তেওঁ ৷

প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাৰ আহত আৰু নিহতৰ পৰিয়াললৈ আগবঢ়োৱা এককালীন সাহাৰ্যৰ কথা উল্লেখ কৰি অজাপৰ সভাপতিগৰাকীয়ে কয় যে, এইয়া অতি দুৰ্ভাগ্যজনক ৷ অসমৰ মৃত ব্যক্তিৰ দাম এইটো নহয় ৷ ভুক্তভোগী পৰিয়ালসমূহে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে, তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ সম্বল নাইকিয়া হৈ গৈছে বুলি মন্তব্য কৰে তেওঁ ৷ গতিকে নিহতৰ পৰিয়ালক প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিৰ অধীনত তেওঁ 25 লাখ টকা আৰু আহত সকলক অসম চৰকাৰৰ অধীনত এটা চাকৰি নিশ্চিত কৰিব লাগে বুলি দাবী জনায় লুৰীণজ্যোতি গগৈয়ে ৷

আনহাতে ৰাজ্যত চলি থকা চোৰাং কয়লা, শিল, বালি ইত্যাদি বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেট, সৰবৰাহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰ, বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক :ৰাজ্যৰ কৃষিত যান্ত্ৰিকীকৰণ কৰি স্বাৱলম্বিতা আন্দোলনৰ প্ৰয়োজন হৈছে : শিক্ষামন্ত্ৰী

ABOUT THE AUTHOR

...view details