গোলাঘাট, 20 অক্টোবৰ :সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লাভ কৰা নতুন ৰাজনৈতিক দল AJP দলৰ গোলাঘাটত গঠন হ’ল আহ্বায়ক সমিতি । আঞ্চলিকতাবাদৰ ইতিহাস বহনকাৰী গোলাঘাটত নতুন আঞ্চলিক দল এজেপিয়ে প্ৰাক নিৰ্বাচনী ৰণশিঙা বজাই মঙলবাৰে গঠন কৰিলে আহ্বায়ক সমিতিখন ।
AJPৰ মূখ্য সমন্বয়ক জগদীশ ভূঞা, ৰাজ্যিক আহ্বায়ক চিত্ত বসুমতাৰীৰ উপস্থিতিত আঞ্চলিকতাবাদৰ ইতিহাস বহনকাৰী গোলাঘাটত সংকল্প ল'লে চৰকাৰ গঠনৰ ।