গোলাঘাট, 23জুনঃ গোলাঘাটৰ নুমলীগড়ৰ ঐতিহাসিক নুমলী-কুঁৱৰী গড়ত ঐক্য সেনা অসমৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঐতিহাসিক গড়টোত অইল ইণ্ডিয়াই অবৈধ ভাবে খনন কাৰ্য চলাই অহাৰ অভিযোগ ঐক্য সেনা অসমৰ ৷
নুমলীগড়ত ঐক্য সেনা অসমে জেওৰা দিলে কিয় ? গোলাঘাটৰ নুমলীগড়ৰ ঐতিহাসিক নুমলী-কুঁৱৰী গড়ত অইল ইণ্ডিয়াৰ অবৈধ খননক লৈ ইতিমধ্যে নুমলীগড়ত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । ঠিক একেদৰে ঐক্য সেনা অসমেও সোমবাৰে উক্ত গড়টোত চলাই থকা অবৈধ খননক লৈ গৰজি উঠিছে ৷ ঐক্য সেনা অসমৰ সদস্য সকলে ঐতিহাসিক নুমলীগড়টোত জেওৰা দি প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইতিমধ্যে নুমলীগড়ত কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলী কুঁৱৰীৰ গড়টো খান্দি পেলোৱাৰ অভিযোগ তুলিছে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ৷ তাৰোপৰি গড়টো দ্বি-খণ্ডিত কৰি অইলে বহুৱাইছে অইলৰ পাইপ । উক্ত ঘটনাট ক্ষুব্ধ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে ঐক্য সেনা অসমে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ তথা অইল ইণ্ডিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অতি শীঘ্ৰে উক্ত গড়টোত খনন কাৰ্য বন্ধ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷ যদি গড়টোত খনন কাৰ্য বন্ধ নকৰে তেনেহলে অনাগত দিনত জংগী আন্দোলন কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক- প্ৰধান শিক্ষকে বিক্ৰী কৰিলে বিদ্যালয়ৰ মাটি