গোলাঘাট, 20 জুলাইঃ EIA 2020 খচৰা বাতিলৰ দাবীত আজি গোলাঘাটত আহোম সেনাৰ তীব্ৰ প্ৰতিবাদ ৷ আহোম সেনাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত সাব্যস্ত হোৱা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আহোম সেনাৰ নেতা অংকুৰণ ফুকনে মন্তব্য কৰি কয় যে,Environment Impact Assessment 2020 জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সেউজীয়া পৰিৱেশ বিনষ্ট হ'ব। প্ৰতিৰক্ষাৰ কথা কৈ কেন্দ্ৰ চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি আন্তৰ্জাতিক সীমাৰ এশ কিলোমিটাৰ ভিতৰত এই আইনৰ জৰিয়তে পুঁজিবাদক মাটি,পানী সকলো দিয়াৰ অভিযোগো উত্থাপন কৰে নেতাগৰাকীয়ে ৷
EIA 2020 খচৰা বাতিলৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ - গান্ধী ময়দান
Environment Impact Assessment 2020 জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সেউজীয়া পৰিৱেশ বিনষ্ট হ'ব। প্ৰতিৰক্ষাৰ কথা কৈ কেন্দ্ৰ চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰে আহোম সেনাই ৷
![EIA 2020 খচৰা বাতিলৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ Ahom Sena protests against cancellation of EIA 2020 draft](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8100789-415-8100789-1595254529265.jpg)
EIA 2020 খচৰা বাতিলৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ
EIA 2020 খচৰা বাতিলৰ দাবীত আহোম সেনাৰ প্ৰতিবাদ
আনহাতে,গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলি গান্ধী ময়দানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে বিজেপি চৰকাৰ হায় হায়,EIA খচৰা বাতিল কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায় শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷