গোলাঘাট, 5 অক্টোবৰঃসোমবাৰে গোলাঘাটৰ নুমলীগড়ত কৃষি মন্ত্ৰী অতুল বৰাক দেখা পোৱা গ'ল এক অনন্য ৰূপত ৷ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত মন্ত্ৰীগৰাকী মচগুল হ'ল কপিকুলৰ প্ৰেমত ৷ নিজ হাতেৰে মন্ত্ৰীগৰাকীয়ে জাক-জাক বান্দৰৰ লগতে পাৰ চৰাই, ছাগলীকো বুট আৰু কল খুৱাই বহু সময় মন্দিৰৰ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত সময় অতিবাহিত কৰে ৷
গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা - কপিকুল
ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত মন্ত্ৰীগৰাকী মচগুল হ'ল কপিকুলৰ প্ৰেমত ৷
![গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা Agriculture Minister Atul Bara with animals at Golaghat's Numligarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9059919-320-9059919-1601909074780.jpg)
গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা
গোলাঘাটৰ নুমলীগড়ত জীৱজন্তুৰ সৈতে মচগুল কৃষিমন্ত্ৰী অতুল বৰা
উল্লেখযোগ্য যে, অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠানৰ সংৰক্ষণ আৰু পুনঃ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ এই আঁচনিৰ দ্বাৰা নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰটো 10 লাখ টকাৰে এটা ভোগ ঘৰ (প্ৰসাদ বিতৰণ স্থলী) নিৰ্মাণ কৰা হ'ব ৷
লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !
Last Updated : Oct 5, 2020, 9:41 PM IST