বোকাখাত,৫ ছেপ্তেম্বৰ:গৰুখুঁটিৰ আৰ্হিত বোকাখাতৰ গাভৰু চাপৰিত কৃষি বিপ্লৱৰ সূচনা কৃষি মন্ত্ৰী অতুল বৰাৰ (Agricultural revolution in Bokakhat) । "সমূহীয়া উন্নয়ন প্ৰকল্প"ৰ জৰিয়তে কৃষি বিপ্লৱ আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে । এনে প্ৰকল্পই উৎপাদনমুখী ক্ষেত্ৰলৈ কৃষি ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । "সমূহীয়া উন্নয়ন প্ৰকল্প(Community Development Project)" অংশস্বৰূপে দেওবাৰে প্ৰকল্পৰ অধীনত চহলা চাপৰি আৰু গাভৰু চাপৰিত চন পৰি থকা ২৫০০ বিঘা উৰ্বৰা মাটিত মাটিমাহৰ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।
লগতে কৃষকসকলৰ সৈতে ট্ৰেক্টৰেৰে মাটি চহ কৰাও দেখা গ'ল মন্ত্ৰীগৰাকীক । এনে প্ৰকল্পই বোকাখাতৰো কৃষি আৰু আনুষংগিক ক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তদুপৰি, এই প্ৰকল্পৰ জৰিয়তে বোকাখাতৰ কৃষকসকলে অনাগত সময়ত উৎপাদনমুখী কামত জড়িত হৈ স্ব-নিয়োজনৰ বাট মুকলি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি শক্তিশালী কৰিবলৈও সক্ষম হ'ব অতুল বৰাই উল্লেখ কৰে ।