গোলাঘাট, 3 অক্টোবৰ :ৰাজ্যত গঠিত হোৱা নতুন আঞ্চলিক দল সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অতুল বৰাই ৷ শনিবাৰে গোলাঘাটত অনুষ্ঠিত হোৱা অসম গণ পৰিষদগোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু অগপত যোগদান কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য ৷
তেওঁ কয় যে, যদিহে ক্ষমতা দখলে আন্দোলনৰ লক্ষ্য হয়, তেন্তে সেই লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে । ৰাজ্যত নতুন আঞ্চলিক দলে অসম গণ পৰিষদ দলক কোনো ধৰণৰ ক্ষতিসাধন নকৰে ।
লগতে, অসম গণ পৰিষদ দল সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে, অগপ দলটোত বহুতো ভুল আছে । দলটোৰ নেতাকৰ্মীয়ে নিজকে আত্ম সমালোচনা কৰিছে । গতিকে, অসম গণ পৰিষদ দলে আৰু ভূৱা প্ৰতিশ্ৰুতি প্ৰদান নকৰে । বৰ্তমান নৱ প্ৰজন্মৰ যথেষ্ট সহাৰি লাভ কৰিছে অসম গণ পৰিষদ দলে ।
অগপ দলত বহুতো ভূল-ক্ৰটি আছেঃ অতুল বৰা আনহাতে, আগন্তক নিৰ্বাচনত গোলাঘাট জিলাত তিনিটা সমষ্টিত অগপই প্ৰাৰ্থীত্ব লাভ কৰাৰ আশা প্ৰকাশ কৰিছে অগপ দলৰ সভাপতি অতুল বৰাই । অতুল বৰাই পুনৰ বোকাখাত সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব বুলি জানিব দিয়ে । বোকাখাত সমষ্টিৰ ৰাইজৰ মৰম-চেনেহৰ বাবে আন সমষ্টিত প্ৰাৰ্থীত্ব নিবিচাৰে অগপ দলৰ সভাপতি অতুল বৰাই ।
লগতে পঢ়ক :তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক