অসম

assam

By

Published : Sep 14, 2019, 6:33 PM IST

ETV Bharat / state

গোলাঘাটত অগপৰ সদস্যভৰ্তি অভিযান

বিজেপিৰ পিছত এইবাৰ সদস্যভৰ্তি প্ৰক্ৰিয়া অগপত ৷ "অসমৰ বাবে অগপৰ সৈতে" এই শ্লোগানেৰে গোলাঘাটত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে অগপই ৷ দলটোৰ ৩৩ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰম্ভ কৰা এই অভিযান এমাহ ধৰি চলিব

অগপৰ সদস্যভৰ্তি অভিযান

গোলাঘাট, 14 চেপ্তেম্বৰঃ বিজেপিৰ পিছত এইবাৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া অগপত ৷ "অসমৰ বাবে অগপৰ সৈতে" এই শ্লোগানেৰে গোলাঘাটত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে অগপই ৷ দলটোৰ ৩৩ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰম্ভ কৰা এই অভিযান এমাহ ধৰি চলিব ৷ গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অংশ লয় দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই ৷ অহা ১৪ অক্টোবৰৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে ৩০ লাখ সদস্য অন্তৰ্ভুক্তিৰ লক্ষ্য অগপৰ ৷ অগপৰ বাবে বৰ্তমান সময়ত ১৯৮৫ চন আৰু ১৯৯৬ চনৰ সেই পৰিৱেশ ঘূৰি অহা বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ ৷

অগপৰ সদস্যভৰ্তি অভিযান
উল্লেখযোগ্য যে,দুয়োগৰাকী মন্ত্ৰীকে গায়ন-বায়ন,ঢোলে-ডগৰে মূল সভালৈ আদৰি নিয়া হয় ৷ অগপৰ সদস্য ভৰ্তি অভিযানত প্ৰয়োগ হ’ব আধুনিক প্ৰযুক্তি কৌশল লগতে মবাইল এপৰ দ্বাৰা সদস্য ভৰ্তি কৰা হ’ব বুলি জানিবলৈ দিয়ে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷

ABOUT THE AUTHOR

...view details