অসম

assam

ETV Bharat / state

আধাৰ কাৰ্ডৰ নামত চৰম হাৰাশাস্তিত ৰাজ্যবাসী - আধাৰ কাৰ্ড বনোৱাৰ নামত লুন্ঠন

আধাৰ কেন্দ্ৰ দিয়াৰ আভুৱাভাৰি ধন আত্মসাৎ কৰা বুলি প্ৰণৱ দাস নামৰ এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ৷ ইমানেই নহয় এই ভয়াৱহ সময় ছোৱাত ক'ভিড প্ৰট'কলক ধোৱা চাঙত তুলি দক্ষিণ শালমাৰাৰ এটা আধাৰকাৰ্ড কেন্দ্ৰত পৰিলক্ষিত হয় গ্ৰাহকৰ অভাৱনীয় ভিৰ৷ আনহাতে,আধাৰ কাৰ্ডৰ নামত বকোৰ ছমৰীয়াত উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এজন বি এম ই ৷ মুঠতে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ আধাৰ কাৰ্ডৰ নামত চলিছে মিথ্যাচাৰ ৷

Adhar card
Adhar card

By

Published : Sep 30, 2020, 7:06 PM IST

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰঃকৰ'ণাৰ আতংকক নেওচি আধাৰ কাৰ্ডৰ বাবে নগাঁৱত ওৰে নিশা পৰ্যন্ত বোন্দাপৰ দি থাকিবলগীয়া হৈছে বহু লোক । তৎসত্বেও আধাৰ কাৰ্ড লাভৰ পৰা বঞ্চিত একাংশ ৷ নগাঁও জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ পৰা আধাৰ কাৰ্ডৰ আবেদন কৰিবলৈ নগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ আধাৰ কাৰ্ড কেন্দ্ৰত আহিছিল বহু লোক ৷ কোলাত কণমানি সন্তানক লৈ দিনতে আহি নিশা পৰ্যন্ত আধাৰ কাৰ্ড কেন্দ্ৰত অপেক্ষা কৰে বটদ্ৰৱাৰ এটা পৰিয়ালে। যদিও নিশা পর্যন্ত বোন্দাপৰ দিও আধাৰ কাৰ্ডৰ আবেদন কৰিব নোৱাৰিলে পৰিয়ালটোৱে।

আধাৰ কাৰ্ডৰ নামত চৰম হাৰাশাস্তিত ৰাজ্যবাসী

লগতে পঢ়কঃSI কাণ্ডৰ বিৰুদ্ধে নগাঁৱত NSUI উত্তাল প্ৰতিবাদ

দায়িত্বত থকা কৰ্মচাৰীক উৎকোচ নিদিয়াৰ বাবেই আধাৰ কাৰ্ডৰ আবেদন কৰিবলৈ সুবিধা নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। কেৱল নগাঁও বুলিয়েই নহয় ৰাজ্যৰ কেবাখনো জিলাত এতিয়া আধাৰ কাৰ্ডৰ নামত চলিছে ব্যাপক দুৰ্নীতি ৷ শিৱসাগৰত আধাৰ কেন্দ্ৰ প্ৰদানৰ নামত 40 লাখ টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷

আধাৰ কেন্দ্ৰ দিয়াৰ আভুৱাভাৰি ধন আত্মসাৎ কৰা বুলি প্ৰণৱ দাস নামৰ এজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ৷ ইমানেই নহয় এই ভয়াৱহ সময় ছোৱাত ক'ভিড প্ৰট'কলক ধোৱা চাঙত তুলি দক্ষিণ শালমাৰাৰ এটা আধাৰকাৰ্ড কেন্দ্ৰত পৰিলক্ষিত হয় গ্ৰাহকৰ অভাৱনীয় ভিৰ৷ আনহাতে,আধাৰ কাৰ্ডৰ নামত বকোৰ ছমৰীয়াত উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এজন বি এম ই ৷ মুঠতে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ আধাৰ কাৰ্ডৰ নামত চলিছে মিথ্যাচাৰ ৷

লগতে পঢ়কঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰশ্নকাকত ফাদিলঃ বিধায়ক বিমল বৰাৰ প্ৰতিক্ৰিয়া

গোলাঘাটৰ পূব মৰঙী পঞ্চায়তৰ আধাৰ কেন্দ্ৰটোত চলিছে ধনৰ লেন-দেন ৷ আধাৰ কাৰ্ড বনোৱাৰ নামত পঞ্চায়তখনত লুন্ঠনৰ অভিযোগ উত্থাপন হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ হিতাধিকাৰী পাবলৈ আধাৰ কাৰ্ড প্ৰয়োজন। সেয়ে সুযোগ বুজি পঞ্চায়ত খনৰ একাংশ লোকৰ নেতৃত্বত চলিছে দৰ নিৰ্ধাৰণ ৷ ভৱিষ্যতেও বিনাদ্বিধাই ৰাজ্যত চলি যাব আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতি ৷ বিগত সময়ত প্ৰশাসন তথা চৰকাৰৰ ভূমিকাই স্পষ্ট কৰিছে এই তথ্য ৷

ABOUT THE AUTHOR

...view details