অসম

assam

ETV Bharat / state

দীৰ্ঘ বিৰতিৰ মূৰত কাজিৰঙাত আৰ্বিভাৱ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় - Accused sent to jail for smuggling rhino horn in Bokakhat

দীৰ্ঘ বিৰতিৰ মূৰত কাজিৰঙাত আকৌ পোহৰলৈ আহিছে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ খবৰ ৷ শেহতীয়াকৈ কাজিৰঙা আৰক্ষীৰ জালত পৰিছে গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ী (Three poachers arrested at Kaziranga) ৷

Three poachers arrested at Kaziranga in Bokakhat
চোৰাংভাৱে গঁড়ৰ খৰ্গ বিক্ৰী কৰি ৰঙাঘৰৰ আলহী হ’ল তিনি অভিযুক্ত

By

Published : Aug 18, 2022, 6:15 PM IST

বোকাখাত, 18 আগষ্ট :কঠোৰ হৈছে ৰাজ্যৰ বন বিভাগ ৷ ৰাজ্যৰ পৰা গঁড়ৰ খৰ্গ তথা অন্যান্য জীৱ-জন্তুৰ চোৰাং ব্যৱসায় ইয়াৰ লগত জড়িত চক্ৰক উৎখাত কৰাৰ বাবে বন বিভাগে বিভিন্ন সময়ত নানানটা পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ বৰ্তমান অত্যাধুনিক আহিলা তথা অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰেৰে চলাই যোৱা অভিযানৰ ফলস্বৰূপে বন্য জীৱ-জন্তুৰ চোৰাং ব্যৱসায় পূৰ্বৰ তুলনাত বহু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷

কিন্তু এইবাৰ দীৰ্ঘ বিৰতিৰ মূৰত কাজিৰঙাত আটক হৈছে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত তিনি অভিযুক্ত (Accused sent to jail for smuggling rhino horn in Bokakhat) ৷ শেহতীয়াকৈ এই অভিযুক্ত কেইটা আটক হোৱাৰ পাচতেই উদয় হৈছে ভিন্ন প্ৰশ্নৰ ৷ প্ৰকৃতাৰ্থত নাশ হৈছেনে বাৰু গঁড়ৰ খৰ্গ নাইবা বন্য জীৱ-জন্তুৰ চোৰাং ব্যৱসায় ৷

নে বন বিভাগৰ চকুত ধূলি দি দুৰ্বৃত্তই গোপনে চলাই গৈছে চোৰাং ব্যৱসায় !

তথ্য অনুসৰি, এইবাৰ বোকাখাত আৰক্ষী তথা কাজিৰঙা বন বিভাগৰ তৎপৰতাত জালত পৰিল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত তিনি অভিযুক্তক (Three poachers arrested at Kaziranga) ৷ আটকাধীন অভিযুক্ত কেইটা হৈছে ৰংবংৱেৰ মোহন বে, কুঠৰীৰ বাঘমাৰীৰ বাহাৰুল ইছলাম আৰু ইমান আলী ৷

চোৰাংভাৱে গঁড়ৰ খৰ্গ বিক্ৰী কৰি ৰঙাঘৰৰ আলহী হ’ল তিনি অভিযুক্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি, এক গোপন খবৰৰ তথ্যৰ আধাৰত বিগত 15 আগষ্টৰ নিশা কলিয়াবৰ মহকুমাৰ বান্দৰদুবীত বন বিভাগ আৰু আৰক্ষীৰ এটা যৌথ দলে চলাই এক অভিযান (Kaziranga Police operation against rhino poachers) ৷ এই অভিযানত দলটোৱে বান্দৰদুবীৰ পৰা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱয়াৰ লগত জড়িত থকাৰ অভিযোগত ইমাম অলী নামৰ এজনক আটক কৰে ৷

তাৰ পাচত অভিযুক্ত ইমাম আলীয়ে আৰক্ষীৰ আগত বান্দৰদুবীৰ এক নিদিষ্ট এলেকাৰ পৰা খৰি আনিবলৈ যোৱাৰ সময়তে এটা খৰ্গ উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত সেই খৰ্গটো বিক্ৰী কৰাৰ কথা সদৰী কৰে । লগতে এই খৰ্গটো ইমাম আলীয়ে বাহাৰুল ইছলাম নামৰ এজন লোকক বিক্ৰী কৰাৰ কথাও স্বীকাৰ কৰে ৷

অভিযুক্ত ইমাম আলীৰ স্বাকাৰোক্তিৰ ভিত্তিতেই কাজিৰঙা বন বিভাগে আৰক্ষীৰ সহযোগত বুধবাৰে নিশা বাহাৰুল ইছলাম আৰু মোহন তেৰাঙক আটক কৰে । তথ্য অনুসৰি, অভিযুক্ত ইমাম আলীয়ে তিনিমাহৰ পূৰ্বেই উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটো বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, কাজিৰঙা বন বিভাগে এই সন্দৰ্ভত বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ৷ আনকি গঁড়ৰ খৰ্গৰ এই বেহাৰ লগত জড়িত আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে ।

লগতে পঢ়ক :বিক্ৰী কৰিবলৈ আহিছিল গঁড়ৰ খৰ্গ; সোমাল ৰঙাঘৰত

ABOUT THE AUTHOR

...view details