অসম

assam

By

Published : Nov 29, 2019, 5:45 PM IST

ETV Bharat / state

ধনশিৰিৰ টেঙানিত ভয়াৱহ পথ দুৰ্ঘটনা

ধনশিৰি মহকুমাৰ টেঙানিৰ খকণগুৰিত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী 8 বছৰীয়া স্কুলীয়া ছাত্ৰী ৷

ভয়াবহ পথ দুৰ্ঘটনা
ধনশিৰিৰ টেঙানিত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা

সৰুপথাৰ , 29 নৱেম্বৰ :ধনশিৰি মহকুমাৰ টেঙানিৰ খকণগুৰিত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ চলন্ত ৰে'লে মহতিয়াই লৈ গ'ল যাত্ৰীবাহী মেজিকক ৷ উক্ত দুৰ্ঘটনাত নিহত হয় মেজিকত অহা এগৰাকী 8 বছৰীয়া ছাত্ৰী লগতে গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আহত ব্যক্তিজনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ ৷

ধনশিৰিৰ টেঙানিত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,খকণ্ডগুৰিত থকা উন্মুক্ত ৰে'ল ক্ৰছিংৰ বাবেই দুৰ্ঘটনা সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ৰে'ল ক্ৰছিঙত ৰে'ল গেট নথকাৰ ফলত চলন্ত ৰে'লখনে খুন্দা মাৰে আনটো দিশৰ পৰা আহি থকা মেজিকখনক ৷ দুৰ্ঘটনাগ্ৰস্ত মেজিকখনৰ নম্বৰ AS 05 C 7850৷ আনহাতে নিহত ছাত্ৰী গৰাকী নোগোৰা ৰংমন জাতীয় বিদ্যালয়ৰ হৰ্ষিতা দাস বুলি জানিব পৰা গৈছে ৷ বিভিন্ন সময়ত স্থানীয় ৰাইজ তথা দল সংগঠনে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন কৰাৰ পাচতো আজি পৰ্যন্ত উক্ত স্থানত নিৰ্মাণ নহ'ল ৰে'ল গেট । উল্লেখ্য যে উক্ত স্থানত পূৰ্বেও এনেধৰনৰ ঘটনা বহুবাৰ সংঘটিত হৈছে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details