অসম

assam

ETV Bharat / state

গোলাঘাটত 20 শতাংশ বোনাচৰ দাবীত আটছাৰ প্ৰতিবাদ - গোলাঘাট

চাহ শ্ৰমিকক পূজাত 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত প্ৰতিবাদ আটছাৰ ৷

গোলাঘাটত প্ৰতিবাদ আটছাৰ

By

Published : Aug 28, 2019, 1:02 PM IST

গোলাঘাট, 28 আগষ্ট : গোলাঘাটত লেটেকুজান চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত বুধবাৰে পুৱা আটছাৰ নেতৃত্বত চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাগিচাৰ স্বত্বাধিকাৰীয়ে চাহ বাগিচা শ্ৰমিকৰ পূজাৰ বোনাচ 20 শতাংশ প্ৰদান নকৰাৰ ঘোষণা কৰাৰ পাচতেই বাগিছাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে শ্ৰমিকসকল । যাৰবাবে বুধবাৰে পুৱা আটছাৰ উদ্যোগত বাগিচাখনত কৰ্মৰত শ শ শ্ৰমিকে 20 শতাংশ বোনাচ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত প্ৰতিবাদ আটছাৰ

শ্ৰমিকসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানে কঁপাই তোলে প্ৰতিবাদস্থলী । প্ৰতিবাদৰ ফলত স্থবিৰ হৈ পৰে বাগিচাখনৰ কাম কাজ । প্ৰতিবাদকাৰীসকলে চৰকাৰ, প্ৰশাসনে আৰু বাগিচাৰ মালিক পক্ষই মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰা শ্ৰমিকসকলক বঞ্চনা কৰি অহাৰ অভিযোগো উত্থাপন কৰে । লগতে শ্ৰমিকসকলক 20 শতাংশ পূজাৰ বানচ প্ৰদান নকৰিলে আগন্তুক সময়ত ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

ABOUT THE AUTHOR

...view details