অসম

assam

ETV Bharat / state

আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ সন্তুষ্ট নহয় আটাছু - ULFA Peace agreement

ULFA Peace Accord: আলফা-চৰকাৰৰ শান্তি চুক্তিখন এখন পূৰ্ব পৰিকল্পিত স্ক্ৰিপ্ট ৷ এই মন্তব্য আটাছুৰ ৷ চুক্তিখনক লৈ সন্তুষ্ট নহয় বুলি মন্তব্য কৰিছে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বই ৷

Aatasu on ULFA Accord
আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ সন্তুষ্ট নহয় আটাছু

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:33 PM IST

আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ সন্তুষ্ট নহয় আটাছু

গোলাঘাট, 30 ডিচেম্বৰ : বহু প্ৰত্যাশিত আলফা, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা শান্তিচুক্তিক লৈ সন্তুষ্ট নহয় আটাছুৰ কেন্দ্ৰীয় নেতৃত্ব ৷ গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শ্বহীদ দিৱসত উপস্থিত থাকি আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে উক্ত শান্তি চুক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

আটাছুৰ উপ-সভাপতিগৰাকীয়ে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণে চুক্তিখনত স্থান নোপোৱাটো হাস্যকৰ ৷ শান্তি চুক্তিত স্বাক্ষৰৰ সাক্ষী হ’বলৈ দিল্লীলৈ ছয় জনগোষ্ঠীৰ নেতাসকলক লৈ গৈছিল যদিও জনজাতিকৰণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে ৷

উল্লেখ্য যে তাই আহোমৰ জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মৃত্যু দিন ৩০ ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাবে পালন কৰি আহিছে ৷ গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰত অনুস্থিত হোৱা আটাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উপলক্ষে পতাকা উত্তোলন কৰে কৰে আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি মনোজ গগৈয়ে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে যুটীয়া সম্পাদক অচ্যুৎ বুঢ়াগোহাঁয়ে, শ্বহীদ তৰ্পণ কৰে কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈয়ে, বন্তি প্ৰজ্বলন কৰে ভাস্কৰ বুঢ়াগোহাঁয়ে ৷

শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈক আলফাই অতি নৃশংসভাৱে হত্যা কৰা বিষয়টোৱে কালিৰ শান্তি চুক্তিখনে শ্বহীদগৰাকীৰ দূৰদৰ্শী চিন্তাৰ প্ৰাসংগিকতা অনাৰ কথা উল্লেখ কৰে ৷ কালি হোৱা শান্তি চুক্তিখন পূৰ্ব পৰিকল্পিত এখন স্ক্ৰিপ্ট বুলি উল্লেখ কৰে আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে ৷ শনিবাৰৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ লগতে মুকলি সভা অনুস্থিত হয় ৷

আহোমসকলে নিজৰ ৰীতি-নীতি, ভাষা-সংস্কৃতি পৰিত্যাগ নকৰাহেঁতেন আজিও ৰাজত্ব কৰি থাকিলেহেঁতেন বুলি মন্তব্য কৰে আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে ৷

লগতে পঢ়ক:আলফাৰ সৈতে শান্তি চুক্তিয়ে অসমৰ স্থায়ী প্ৰগতিৰ পথ প্ৰশস্ত কৰিব: প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details