গোলাঘাট, 22 ফেব্ৰুৱাৰী:অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ দাবীত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু) য়ে গোলাঘাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মূলতঃ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ লগতে অন্য কেতবোৰ দাবীৰ সমৰ্থনত ৰাজপথলৈ উলাই অহা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সকলে কলা পতাকা প্ৰদৰ্শনেৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷
অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ দাবীত আছুৰ বিক্ষোভ - অসম চুক্তিৰ 6 নং দফা
গোলাঘাটত কলা পতাকা প্ৰদৰ্শনেৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ দাবীত আছুৱে গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ বৃহৎ নদীবান্ধৰ সমস্যা সমাধানৰ লগতে বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আছুৰ ৷
aasu staged demonstration demanding implementation of clause six
সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছু কৰ্মী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰি অসম চুক্তিৰ সান্নিবিষ্ট ছয় নং দফা কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰাৰ লগতে বৃহৎ নদীবান্ধৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ৷ অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ বাবেও আছুৰ সদস্য সকলে দাবী জনায় ৷
লগতে পঢ়ক:কমল কুমাৰ মেধিক গামোচা পিন্ধাব জাকিৰ হুছেইন শিকদাৰে !