দেৰগাঁও, ১৯ আগষ্ট: বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো দেৰগাঁৱৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই প্ৰশাসন তথা পৌৰসভাৰ । সেয়ে, পুনৰ প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ দেৰগাঁও আঞ্চলিক সমিতি । বুধবাৰে দিনৰ ১১ বজাৰ পৰা সংগঠনটোৱে ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । দেৰগাঁও নগৰৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কোষাগাৰ প্ৰাধিকৰণ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দেৰগাঁও নাগৰিক সন্থা, দেৰগাঁও সাংবাদিক সংস্থা, আপকু, সদৌ বাৰ্লাক মহিলা মঞ্চ আদি সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।
দেৰগাঁও ৰাজহ চক্ৰক মহকুমা হিচাপে ঘোষণা কৰাৰ দাবী জনায় সংগঠনকেইটাই । লগতে নিৰ্মিয়মান অৱস্থাত থকা চাৰিলেন যুক্ত পথ নিৰ্মাণত পৰিলক্ষিত হোৱা ক্ৰটি আঁতৰাই সঠিকভাৱে আৰু খৰটকীয়াকৈ কাম শেষ কৰা, দেৰগাঁও নগৰৰ উপ-পথবোৰ পকীকৰণ কৰা, উন্নত মানৰ নলা-নৰ্দমা নিৰ্মাণ কৰা, দেৰগাঁও নগৰৰ যানজঁটৰ সমস্যা দূৰ কৰাৰ দাবী জনায় সংগঠনকেইটাৰ সদস্যসকলে । দেৰগাঁও নাগৰিক সন্থাৰ বিষয়ববীয়াই অভিযোগ উত্থাপন কৰা মতে, দেৰগাঁও ৰাজহ চক্ৰক মহকুমা হিচাপে ঘোষণা কৰাৰ দাবী প্ৰথমে শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হৈ থকা সময়তে উত্থাপন কৰা কৰা হৈছিল । তেতিয়া এই দাবী কোহলি আয়োগত অন্তৰ্ভুক্ত হৈছিল ।