গোলাঘাট,12 ডিচেম্বৰ : গোলাঘাটৰ আকাশে বতাহে ডবা, শংখ, ঢোল-তালৰ গুমগুমনি । আকৌ যেন প্ৰাণ পাই উঠিল প্ৰতিবাদী জনতাৰ কন্ঠ। নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । শনিবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰে ।
CAA ৰ বিৰোধিতাৰে গোলাঘাটত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়
শনিবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন ।
CAA ৰ বিৰোধিতাৰে গোলাঘাটত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছবি কাষত লৈ ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । ইপিনে প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল লাজ নাই, বিজেপি চৰকাৰ গ'বেক,CAA আমি নামানো আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
লগতে পঢ়কঃ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা