অসম

assam

By

Published : Nov 29, 2019, 6:55 PM IST

ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বাতিলৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বাক্সা,গোলাঘাট আদিত প্ৰতিবাদী চাইকেল ৰেলী ৷

AASU PROTEST AGAINST CAB
AASU PROTEST AGAINST CAB

নিউজ ডেস্ক, নৱেম্বৰ 29: কেবৰ বিৰোধিতাৰে উত্তাল ৰাজ্য ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বাতিলৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰেসদৌ অসম ছাত্ৰ সন্থাই ৷ বাক্সাৰ তামুলপুৰত প্ৰতিবাদকাৰী বৃহৎ চাইকেল ৰেলী উলিয়াই আছু নেতৃত্বই ৷ গোলাঘাট চহৰৰ মাজমজিয়াতো আজি দেখিবলৈ পোৱা গ'ল একেই প্ৰতিবাদী মিচিল ৷ CABৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ গোলাঘাট জিলা ছাত্ৰ সন্থাই নগৰৰ মাজেৰে এক চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালকৈ,মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থায়ো উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা জাগুনলৈকে 38 নং ৰাষ্ট্ৰীয় ঘাই পথেদি বাইক ৰেলীৰে আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ এনেদৰে আজি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভিন্ন কাৰ্যসূচীৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

কেবৰ বিৰোধিতাৰে উত্তাল ৰাজ্য

ABOUT THE AUTHOR

...view details