অসম

assam

ETV Bharat / state

গোলাঘাটত বিধায়ক শিলাদিত্যৰ প্ৰতিকৃতি দাহ - চৈয়দ আব্দুল মালিক

গোলাঘাটত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে সংবাদমেল আয়োজনৰ লগতে প্ৰতিকৃতি দাহ সদৌ অসম ছাত্ৰ সন্থাৰ ৷

AASU pressmeet and effigy burn at Golagaht
AASU pressmeet and effigy burn at Golagaht

By

Published : Aug 9, 2020, 8:53 PM IST

গোলাঘাট, 9 আগষ্ট:সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে গোলাঘাটত সংবাদমেল । গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত গোলাঘাট জিলা ছাত্ৰ সন্থাই আয়োজন কৰে সংবাদমেলৰ । সাহিত্যচাৰ্য পদ্মশ্ৰী চৈয়দ আব্দুল মালিকক বিধায়ক শিলাদিত্যই বৌদ্ধিক জেহাদী বুলি অভিহিত কৰা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰে ছাত্ৰ সন্থাই ।

সংবাদমেলত গোলাঘাট ছাত্ৰ সন্থাৰ বিষয়ববীয়াই বিধায়ক শিলাদিত্যক মানসিক ভাৰসাম্য হেৰুওৱা ৰোগী বুলি অভিহিত কৰি কটু বাক্যৰে সমালোচনা কৰে। ধর্মীয় মেৰুকৰণৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা বিধায়ক শিলাদিত্য দেৱৰ ।

সাহিত্যচাৰ্যগৰাকীৰ বিৰুদ্ধে কৰা এনে বিতৰ্কত মন্তব্যৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা অসম চৰকাৰে বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে গ্ৰেপ্তাৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে । যদিহে চৰকাৰে শিলাদিত্যৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে,তেন্তে ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়াৰ হুংকাৰ প্ৰদান কৰিছে গোলাঘাট জিলা ছাত্ৰ সন্থাই । সংবাদমেলৰ পিছতেই গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই গোলাঘাট বেজবৰুৱা চাৰিআলিত বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত বিধায়ক শিলাদিত্যৰ প্ৰতিকৃতি দাহ

লগতে চাওক-বিটিচি নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বড়োভূমিত সংঘটিত হিংসাত্মক ঘটনা

ABOUT THE AUTHOR

...view details