গোলাঘাট, ১২ জুন: সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ গোলাঘাট জিলা সমিতিৰ এজনৰ পাচত আনজন সদস্য তথা নেতাই যোগদান কৰিছে অসম গণ পৰিষদত । শনিবাৰে পুনৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বহু কেইগৰাকী সদস্য আৰু ছাত্ৰ নেতাই অসম গণ পৰিষদ দলত যোগদান কৰে ।
অসম গণ পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ জিলা ছাত্ৰ সন্থাৰ বহু সংখ্যক সদস্যই যোগদান কৰে । গোলাঘাটত দলৰ মুখ্য কাৰ্যালয়ত কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা(ATUL BORA)ৰ উপস্থিতিত ছাত্ৰ নেতাসকলে আঞ্চলিক দলটোত যোগদান কৰে । যি সময়ত অসমৰ বিভিন্ন মহলে অগপৰ অস্তিত্বক লৈ সন্দেহ প্ৰকাশ কৰি আহিছে, সেই সময়তেই একাংশ যুৱ শক্তি এই দলটোৰ প্ৰতি আকৃষ্ট হোৱাতো স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷