গোলাঘাট,17 নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইনৰ পদত্যাগ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ,সাধাৰণ সম্পাদকলৈ পদত্যাগ পত্ৰ প্ৰেৰণ মনোৱাৰ হুছেইনৰ। উল্লেখযোগ্য যে, বিগত ৫ বছৰে সদৌ অসম ছাত্র সন্থাত সভাপতি, সম্পাদকে চলোৱা স্বৈৰাচাৰিতাত অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাই ছাত্র সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুছেইনে ।
সদৌ অসম ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক সংগঠনক দীপাংকৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে নিজৰ ৰাজনৈতিক অভিলাস সিদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছে ছাত্ৰ সন্থাৰ সদ্যপদত্যাগী সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হুছেইনে । লগতে তেওঁ কয় যে, এনেবোৰ সিদ্ধান্তৰ বিৰোধিতা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সভাপতিৰ লক্ষ্য হৈ পৰে ছাত্র সন্থাৰ নিষ্ঠাবান কৰ্মীসকল।