অসম

assam

CIDF Scam in Golaghat : গোলাঘাটৰ 100 কোটি টকীয়া কেলেংকাৰী অভিযোগৰ উচ্চস্তৰীয় তদন্তৰ দাবী

By

Published : Nov 13, 2022, 7:29 PM IST

গোলাঘাটত নগৰ উন্নয়ণৰ নামত 100 কোটি টকীয়া কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (CIDF Scam in Golaghat)৷ উক্ত বৃহৎ পৰিমাণৰ আৱন্টিত ধনৰ বিভিন্ন আঁচনিত কেইজনমান মুষ্টিমেয় ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত সাঙোৰ খাই পৰিছে স্থানীয় বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগ ৷ মন্ত্ৰীগৰাকী বিষয়টোৰ পৰা আঁতৰিব বিচৰাৰ সন্দকৰ্ভত অনুসুচিত জাতি ছাত্ৰ সন্থাই সম্বোধন কৰিলে সংবাদমেল ৷

CIDF Scam in Golaghat
গোলাঘাটৰ 100 কোটি টকীয়া কেলেংকাৰী অভিযোগৰ উচ্চস্তৰীয় তদন্তৰ দাবী

গোলাঘাট, 13 নৱেম্বৰ : এফালে মন্ত্ৰী অজন্তা নেওগৰ স্পষ্টীকৰণ, আনফালে অনুসুচিত জাতি ছাত্ৰ সন্থাৰ হুংকাৰ । গোলাঘাট নগৰৰ উন্নয়ণৰ বাবে আৱন্টিত পূঁজিৰ কলেংকাৰীত খোদ গোলাঘাটৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগৰ নাম সাঙোৰ খাই পৰিছে ৷ ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নিজকে কলংকমুক্ত কৰাৰ বাবে সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ দিলেও আশ্বস্ত হোৱা নাই অনুসুচিত জাতি ছাত্ৰ সন্থাৰ লগতে আন ভিন্ন পক্ষ ৷

শনিবাৰে গোলাঘাটত সংবাদমেলযোগে সমগ্ৰ বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি গোলাঘাটৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগে CIDF কেলেংকাৰীত নিজে জড়িত নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল (Scam in Golaghat)। লগতে গোলাঘাটত বিগত সময়চোৱাত বিভিন্ন উন্নয়নমূলক কাম কৰিবলৈ যাওতে একাংশ‌ই কেৱল সমালোচনাহে কৰে বুলিও কৰিছিল মন্তব্য । মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ গোলাঘাট জিলা অনুসুচিত জাতি ছাত্ৰ সন্থাই (All Assam Scheduled Caste Students Union)।

গোলাঘাটৰ 100 কোটি টকীয়া কেলেংকাৰী অভিযোগৰ উচ্চস্তৰীয় তদন্তৰ দাবী

অভিযোগ অনুসৰি গোলাঘাটত মুষ্টিমেয় কেইজনমান ঠিকাদাৰকহে দিয়া হয় বিভিন্ন উন্নয়নমূলক কামৰ ঠিকা । সাগৰ গোঁহাই, এম পি আগৰৱালা, সন্দীপ শৰ্মা, অতুল গগৈ, অঞ্জন বৰা আদি ঠিকাদাৰক একপ্ৰকাৰ অজন্তা নেওগ কোম্পানী আখ্যা দিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই । উঠি অহা প্ৰজন্মক ঠিকা কৰ্মত নিবিদা নিদিয়াকৈ কেৱল মাত্ৰ অজন্তা নেওগ কোম্পানীয়ে সদায় ঠিকা কিয় পায়, তাক লৈও উঠিছে প্ৰশ্ন । বিত্ত বিভাগৰ দ্বাৰা অনুমুদিত কামত বিত্তমন্ত্ৰীয়ে নিজকে জড়িত নহয় বুলি ক'লেই মানি নলয় বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ।

উল্লেখ্য যে, গোলাঘাটত CIDF আঁচনিৰ অধীনত গোলাঘাটৰ ৰাজহুৱা সমন্বয় ক্ষেত্ৰৰ মেৰামতি আৰু পুনৰনিৰ্মাণত প্ৰশাসনিক বিষয়াৰ ঠিকাদাৰ স্বামীয়ে পুৰণি ইটা ব্যৱহাৰ কৰি চলোৱা দুৰ্নীতিৰ কেলেংকাৰীত তথ্য পোহৰলৈ আহে ৷ ১ কোটি ৫৮ লাখ টকাৰ নিবিদাৰে ৰাজহুৱা সমন্বয় ক্ষেত্ৰত বিতৰ্কিত ঠিকাদাৰ সন্দীপ শৰ্মাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্তাপিত হৈছিল । ইয়াৰ পাছতে বিষয়টোত হস্তক্ষেপ কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ।

সমান্তৰালভাৱে গোলাঘাটৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধেও উত্থাপিত হৈছে কেতবোৰ গুৰুতৰ অভিযোগ ৷ মন্ত্ৰীগৰাকীৰ সাংগোপাংগোৱেহে ঠিকা লাভ কৰাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্তাপিত হৈছে ৷ উক্ত কেলেংকাৰীত সাঙোৰ খাই পৰিছে মন্ত্ৰী অজন্তা নেওগো (Minister Ajanta Neog)৷

লগতে পঢ়ক :MLA Nandita Das : ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল বিধায়িকা নন্দিতা দাস

ABOUT THE AUTHOR

...view details