অসম

assam

ETV Bharat / state

তিনিগৰাকী সাংবাদিকক আপকুৰ বঁটা প্ৰদান - ইটিভি ভাৰত

ডিব্ৰুগড় জিলা আপকুৰ দ্বাৰা প্ৰৱৰ্তিত উচ্চ কমল চেতিয়া সাংবাদিকতা বঁটা যুটিয়াভাৱে প্ৰদান কৰা হয় চৰাইদেউ সাপেখাটিৰ সাংবাদিক কেশৱ গগৈ আৰু নুমলীগড়ৰ সাংবাদিক হেমন্ত শইকীয়ালৈ। আপকুৰ দ্বাৰা প্ৰৱৰ্তিত বুধিন্দ্ৰনাথ হাজৰিকা সোঁৱৰণি সদৌ অসম ইলেকট্ৰনিক মিডিয়া বঁটা প্ৰদান কৰা হয় সাংবাদিক চক্ৰপাণি পৰাশৰক

তিনিগৰাকী সাংবাদিকক আপকুৰ বঁটা প্ৰদান

By

Published : May 1, 2019, 12:34 PM IST

গোলাঘাট , 1 মে': দেৰগাঁৱত অনুষ্ঠিত হোৱা আপকুৰ 26 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ তিনিজন সাংবাদিকলৈ আগবঢ়োৱা হয় ৰাজ্যিক সাংবাদিকতা বঁটা। গোলাঘাট জিলাৰ দেৰগাঁৱৰ বাপুজী মন্দিৰত অনুষ্ঠিত 26 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড় জিলা আপকুৰ দ্বাৰা প্ৰৱৰ্তিত উচ্চ কমল চেতিয়া সাংবাদিকতা বঁটা যুটিয়াভাৱে প্ৰদান কৰা হয় চৰাইদেউ সাপেখাটিৰ সাংবাদিক কেশৱ গগৈ আৰু নুমলীগড়ৰ সাংবাদিক হেমন্ত শইকীয়ালৈ। আপকুৰ দ্বাৰা প্ৰৱৰ্তিত বুধিন্দ্ৰনাথ হাজৰিকা সোঁৱৰণি সদৌ অসম ইলেকট্ৰনিক মিডিয়া বঁটা প্ৰদান কৰা হয় সাংবাদিক চক্ৰপাণি পৰাশৰক ৷

লগতে পঢ়ক : মোডীয়ে উলংঘা কৰা নাই নিৰ্বাচনী আচৰণ বিধিঃ নিৰ্বাচন আয়োগ


গোলাঘাটৰ দেৰগাঁৱত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাচতেই আপকুৰ মূল পতাকা উত্তোলন কৰে আপকু কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙে ৷ আনহাতে আদৰণি সমিতিৰ সভাপতি দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে আদৰণি সমিতিৰ পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ কৰে আপকু কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মৌচুমী জ্যোতি বৈশ্যয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিক কৰ্মশালাৰ আয়োজন কৰা হয়। চন্দ্ৰকান্ত খাউন্দ দেৰগাঁও সাহিত্য ভৱনত আয়োজন কৰা সাংবাদিক কৰ্মশালাত জনমভূমিৰ বসুন্ধৰাৰ সম্পাদক শাংকব কৌশিক বৰুৱা সমল ব্যক্তি ৰূপে উপস্থিত থাকে। অনুষ্ঠানত জাগ্ৰত প্ৰহৰী নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, টিংখাঙৰ বিধায়ক বিমল বড়া, দেৰগাঁৱৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ভৱেন্দ্ৰনাথ ভৰালী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰ বৰুৱা, উপাসনা গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি।

ABOUT THE AUTHOR

...view details