আম আদমী পাৰ্টীয়ে উভতি ধৰিলে গাডকাৰীক গোলাঘাট,৭ জুন: "২০২৪ ৰ জুন মাহত নহয়, আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই ফ'ৰলেন নিৰ্মাণৰ কাম শেষ কৰক ৷ অন্যথা আপোনাৰ প্ৰতিশ্ৰুতিত অসমৰ ৰাইজ আস্বস্ত নহয় ৷" গোলাঘাটত এই প্ৰতিক্ৰিয়া আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক উপ-সভাপতি ৰাজীব শইকীয়াৰ ৷ গোলাঘাটত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আগবঢা়ই কেতবোৰ বিস্ফোৰক মন্তব্য ।
আপৰ উপ-সভাপতিজনে কয় যে, বিজেপি চৰকাৰ ক্ষমতালৈ আহিয়েই একেজন ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০১৫ চনৰ মে' মাহত যোৰহাটত ৰাজকীয় অনুষ্ঠানত ঘোষণা কৰিছিল যে, উত্তৰ অসম আৰু উজনি অসমক সামৰি থকা ৰাষ্ট্ৰীয় ঘাইপথসমুহ চাৰি বছৰৰ ভিতৰত ফ'ৰলেনলৈ উন্নীত কৰা হ'ব ৷ কিন্তু চাৰি বছৰ দুৰৰে কথা যোৱা আঠটাকৈ বছৰতো ফ'ৰলেন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷
মন্ত্ৰী গাডকাৰীৰ কথা আৰু কামৰ মাজত বিৰাট ব্যৱধান আছে বুলি অভিযোগ উত্থাপন কৰি আপৰ নেতাজনে কয় যে, নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ মাত্ৰ ৯০ কিঃমিঃ পথৰ নিৰ্মাণ আঠ বছৰত সম্পূৰ্ণ কৰিব নোৱাৰা নীতিন গাডকাৰীয়ে ২০২৪ চনৰ ভিতৰত অসমৰ বাট পথ আমেৰিকাৰ দৰে গঢ়ি তোলাৰ কথা কয় ৷ ই অতি হাস্যকৰ আৰু নিৰ্বাচন কেন্দ্ৰিক ভুৱা প্ৰতিশ্ৰুতিৰ বাহিৰে একো নহয় বুলি তেওঁ উল্লেখ কৰে ৷
ইয়াৰোপৰি একেদৰে নিমাতী-মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলঙৰ নিৰ্মাণৰ কাম লেহেমীয়া গতিত আগবঢ়া কাৰ্যত উদ্বেগ প্ৰকাশ কৰি আপ ৰ নেতাজনৰ বিজেপি চৰকাৰলৈ প্ৰশ্ন কৰে "আপোনালোকৰ প্ৰতিশ্ৰুতিমতে ২০২৫ ত এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব নে ?" সমগ্ৰ বিষয়টোত শাসকীয় পক্ষৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া লক্ষণীয় ।
লগতে পঢ়ক:Assam Cabinet Decision : কেন্দ্ৰৰ সমহাৰত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি: কেবিনেটৰ সিদ্ধান্ত