গোলাঘাট, 5 মাৰ্চ : ‘‘কংগ্ৰেছ দল বিজেপি দলতকৈও অধিক সাম্প্ৰদায়িক ৷’’ এই মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ ৷ শনিবাৰে গোলাঘাট প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে এই মন্তব্য আগবঢ়ায় সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ নেতৃত্বই ৷ সংখ্যালঘু ডি- ভোটাৰ সন্দৰ্ভত কংগ্ৰেছ দলটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংগঠনটোৰ (AAMSU Indigenous Press meet at Golaghat ) ৷
সংবাদ মেলখনত দলটোৰ প্ৰতি আক্ৰমণাত্মক হৈ সংগঠনটোৰ নেতৃত্বই কয় যে, কংগ্রেছ দল আগতেও সংখ্যালঘুৰ লগত নাই, এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে । কেৱল ভোট বেংকৰ স্বাৰ্থত সংখ্যালঘু সকলক দলটোৱে ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু সংখ্যালঘু সকলৰ সমস্যা, অসুবিধা সন্দৰ্ভত দলটো সদা নিমাত (AAMSU Indigenous criticized Congress) ৷
শনিবাৰে গোলাঘাট প্রেছ ক্লাবত অনুস্থিত কৰা এক সংবাদ মেলখনত সদৌ অসম সংখ্যালঘু ছাত্র সন্থা খিলঞ্জীয়া কংগ্ৰেছ দলটোৰ ওপৰত ক্ষোভ ব্যক্ত কৰি কয় যে, কংগ্ৰেছে গোৰ্খা ডি ভোটাৰ সকলৰ কাৰণে যিদৰে মাত মাতিছে সেই সময়ত সংখ্যালঘু ডি ভোটাৰৰ বাবেও মাত মতাৰ প্ৰয়োজন আছিল ৷ উল্লেখ্য যে, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে বিগত মাহত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ গোৰ্খা ডি- ভোটাৰ সকলৰ নাগৰিকত্ব প্রদানৰ দাবী সম্বলিত এখনি পত্র প্রেৰণ কৰিছিল । ইয়াকে লৈ বৰ্তমান ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্র সন্থা খিলঞ্জীয়াৰ নেতাসকলে (AAMSU Indigenous ON D voter issue in Assam) ৷