অসম

assam

By

Published : Jun 15, 2020, 9:02 PM IST

ETV Bharat / state

গৰাখহনীয়া কবলত নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে খুমটাইৰ এখন গাঁও

ভৰ বাৰিষাৰ পূৰ্বে কাল খহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে প্ৰায় শতাধিক পৰিয়াল বসবাস কৰা গেলাবিলবাসী ৷ অতি শীঘ্ৰে যদি এই অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মানচিত্ৰৰ পৰা নাইকিয়া হ’ব খুমটাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিঙাবিল গাঁও ৷

Khumtai
খুমটাই

খুমটাই, 15 জুনঃ কৰ’ণাৰ সমান্তৰালভাৱে কাল খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে খুমটাইৰ বিভিন্ন অঞ্চলত ৷ গেলাবিল নদীৰ প্ৰবল গৰাখহনীয়াৰ কবলত নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে খুমটাইৰ সমীপৱৰ্তী এখন গাঁও ৷ বাৰিষা আহিলেই গাঁওখনৰ লোকসকলে উজাগৰী নিশা পাৰ কৰিবলগীয়া হয় ৷ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত চিঙাবিল গাঁৱত গেলাবিল নদীৰ প্ৰবল গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ৷ প্ৰত্যেক দিনাই চপৰা চপৰে খহিছে গেলাবিলৰ গৰা ৷

উল্লেখ্য যে বহুবছৰ ধৰি গাঁওখনৰ কৃষিজীৱী লোকসকলে এই সমস্যাৰ সন্মুখীন হৈ আছে যদিও বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷ আনহাতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক গাঁওবাসীয়ে আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলে চিঙাবিলবাসীয়ে ৷ যাৰ ফলত কেইবাটাও গৃহলৈ গেলাবিল নদীৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ৷

খুমটাই

লগতে পঢ়কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুত মৰ্মাহত অনুপম খেৰ

ভৰ বাৰিষাৰ পূৰ্বে কাল খহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে প্ৰায় শতাধিক পৰিয়াল বসবাস কৰা গেলাবিলবাসী ৷ অতি শীঘ্ৰে যদি এই অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মানচিত্ৰৰ পৰা নাইকিয়া হ’ব খুমটাইৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিঙাবিল গাঁও ৷

ABOUT THE AUTHOR

...view details