বোকাখাত, 21 জুলাই : সাঁতোৰ কেন্দ্ৰ (swimming pool) বুলিলে সাধাৰণতে মনলৈ আহে নিৰ্মল ফটফটীয়া পানীৰে পৰিপূৰ্ণ এক সুন্দৰ পৰিবেশৰ দৃশ্য । কিন্তু তেনে দৃশ্য দেখা পোৱা নাযায় বোকাখাতৰ (BOKAKHAT) এটা বিশেষ সাঁতোৰ কেন্দ্ৰত ৷ বোকাখাতৰ এই সাঁতোৰ কেন্দ্ৰটোত য’ত ফটফটীয়া পানীৰ বিপৰীতে আছে সাপ ভেকুলীৰে ভৰা আৰু জংঘলে আবৰা এটা পৰিবেশ । উল্লেখযোগ্য যে, বোকাখাত সাঁতোৰ সংস্থাৰ দ্বাৰা পৰিচলিত এই কেন্দ্ৰটো ২০১৮ চনত নুমলীগড় শোধানাগাৰৰ CSR ফাণ্ডৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰা হৈছিল ।
২০১৯ চনৰ ২৮ চেপ্তেম্বৰত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই (ATUL BORA) বিধায়ক পুঁজিৰ পৰা ৫০ হাজাৰ টকা আৱন্টন দি কেন্দ্ৰটোত দুটা গভীৰ নলীনাদ স্থাপন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল । সম্প্ৰতি সাঁতোৰ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপনৰ প্ৰায় তিনিবছৰৰ পাছতো সম্পূৰ্ণ নহ‘ল নিৰ্মাণ কাৰ্য । ইপিনে কেন্দ্ৰটো নিৰ্মাণ কৰা সমিতিখনে নিৰ্মাণ কাৰ্য আধাতে সামৰণি মৰাত অৰ্ধনিৰ্মিত কেন্দ্ৰটোৰ প্ৰায়খিনি আন্তঃগাঁঠনি এতিয়া ভাগি ছিগি ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে । একেদৰে কেন্দ্ৰটোৰ বাহ্যিক সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থাও সম্পূৰ্ণ নকৰিলে নিৰ্মাণ সমিতিয়ে ।