গোলাঘাট, ১৮ জুন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(KAZIRANGA NATIONAL PARK)ৰ কঁহৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰত উদ্ধাৰ হ'ল এটা মৃত ঢেকীয়াপতীয়া বাঘ । শুকুৰবাৰে পুৱা বন কৰ্মীয়ে বাঘটো প্ৰত্যক্ষ কৰে । গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ ওচৰতো এঘৰৰ বাৰীৰ সমীপত মৃত বাঘটো প্ৰত্যক্ষ কৰিছিল ।
অৱশ্যে, বাঘটোৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । সম্প্ৰতি ঘটনাস্থলীত বন বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰিছে । জানিব পৰা মতে, মতা ঢেকীয়াপতীয়া বাঘটোৱে বৃহস্পতিবাৰে উক্ত এলেকাত ত্ৰাসৰ সৃষ্টি কৰিছিল ।
এটা পশুধনো নিধন কৰিছিল বাঘটোৱে । বাঘৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছিল গাঁওবাসী । ইয়াৰ পিছতে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে ।
বাঘ খেদোৱাৰ বাবে বন বিভাগে গুলীচালনাও কৰিছিল । ভয়াৱহ অঘটন সংঘটিত হোৱাৰ আশংকাত নিশা কটাইছিল ৰাইজে । অৱশেষত শুকুৰবাৰে পুৱা মৃত বাঘটো উদ্ধাৰ হয় । পুৱা বাঘটো সেই স্থানৰ পৰা গ'ল নে নাই সেয়া চাবলৈ আহিছিল বন কৰ্মীৰ দল । তেওঁলোকে মৃত অৱস্থাত বাঘটো উদ্ধাৰ কৰে ।