অসম

assam

ETV Bharat / state

ক'ভিডৰ পৰা সুস্থ হৈও বাচি ল’লে আত্মহত্যাৰ পথ

মানসিক অন্তৰ্দন্দত ভুগি জীৱনৰ চৰম সিদ্ধান্ত বাচি ল’লে গোলাঘাটৰ এজন ক'ভিড আক্ৰান্তই ৷ ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

a-suicide-in-golaghat-due-to-covid-19
ক'ভিডৰ বাবেই গোলাঘাটত এজন আত্মহত্যা !

By

Published : Jul 9, 2021, 10:05 PM IST

গোলাঘাট, 9 জুলাই : কৰ'ণাৰ ভয়াৱহতাই পৰিৱৰ্তন কৰিছে মানুহৰ জীৱন পৰিক্ৰমা ৷ কৰবাত যদি কৰ'ণাই সমাজৰ দায়বদ্ধতাক স্থৱিৰ কৰি তুলিছে কৰবাত আকৌ ক'ৰণাৰ এই সংহাৰী ৰূপে নিঠৰুৱা কৰিছে বহু পৰিয়ালক ৷ ইয়াৰ মাজতে গোলাঘাটৰ বকিয়াল নাহৰচলাটো সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ক’ভিডত আক্ৰান্ত হোৱা এটা পৰিয়ালৰ মুৰব্বীয়ে মানসিক অন্তৰ্দন্দত ভুগি বাচি ল'লে চৰম সিদ্ধান্ত ৷

এই কৰুণ ঘটনাটো সংঘটিত হৈছে গোলাঘাটৰ বগীজান আৰক্ষী থানাৰ অধীনৰ নাহৰচলা নপাম গাঁৱত ৷ উত্তৰ মৰঙি সমবায় সমিতিৰ এজেন্ট কেশৱ চাহু নামৰ লোকজনে কৰ'ণাৰ সংহাৰী ৰূপৰ বাবেই বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত ৷ কৰ'ণাৰ গ্ৰাসত পৰি সমস্যাৰ সন্মুখীন হৈ অৱশেষত বিহ পান কৰি আত্মহত্যা কৰে ব্যক্তি গৰাকীয়ে ৷ বৃহস্পতিবাৰে বিয়লি নিজ ঘৰৰ চৌহদৰ পুখুৰীত উদ্ধাৰ হয় কেশৱ চাহুৰ মৃতদেহ ৷

উল্লেখ্য যে,পত্নী-পুত্ৰ আৰু শাহুৱেকৰ সৈতে চাৰিজনীয়া এটা সুখী পৰিয়াল আছিল চাহুৰ ৷ দুসপ্তাহৰ আগতে পৰিয়ালটোৰ কেউজন সদস্যই আক্ৰান্ত হৈছিল ক'ভিডত ৷ ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে স্বাস্থ্য বিভাগে গোলাঘাটৰ ক'ভিড হাস্পতালত ভৰ্তি কৰাইছিল সদস্যকেইজনক ৷

ক'ভিডৰ বাবেই গোলাঘাটত এজন আত্মহত্যা !

শেহতীয়াকৈ কৰ'ণাৰ সংক্ৰমণত স্বাস্থ্যৰ অধিক অৱনতি ঘটি কেশৱ চাহুৰ শাহুৱেকৰ চিকিৎসালয়ত মৃত্যু হয় ৷ সৌভাগ্যৱশত কেশৱ চাহু সহ পত্নী-পুত্ৰ আৰোগ্য হয় ৷ দুদিনৰ আগতে পত্নী-পুত্ৰ আৰোগ্য লাভ কৰি ঘৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে কেশৱ চাহু আৰোগ্য হোৱাত স্বাস্থ্য বিভাগে ঘৰত থৈ যায় ৷ কিন্তু কেশৱ চাহু ঘৰত উপস্থিত হোৱাৰ পিছতেই সেইদিনা অৰ্থাৎ বৃহস্পতিবাৰে বিয়লিলৈ কেশৱ চাহুৰ মৃতদেহ উদ্ধাৰ হয় নিজ ঘৰৰ চৌহদৰ পুখুৰীত ৷

ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰিছে ৷ ঘৰৰ মানুহে বিচাৰ খোচাৰ কৰি পুখুৰীত চাহুৰ মৃতদেহ প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক খবৰ দিয়ে ৷ গাওঁৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষী উপস্থিত হৈ পানীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি নিজ ঘৰৰে এটা কোঠাত ৰাখি থয় ৷ শুকুৰবাৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চাহুৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

লক্ষ্যণীয় ভাৱে চাহুৰ মৃতদেহ উদ্ধাৰ হোৱা পুখুৰীৰ পাৰত এটা বিহৰ বটলো উদ্ধাৰ হৈছে ৷ ৰাইজৰ সন্দেহ ক'ভিড ৰোগত পৰিয়ালটো আক্ৰান্ত হোৱাৰ বাবে তথা শাহুৱেকক চিৰ দিনৰ বাবে হেৰুৱাই মানসিক অন্তৰ্দন্দত ভুগি চাহুৱে এনে চৰম পথ বাচি ল’লে ৷ এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব কেশৱ চাহুৰ মৃত্যুৰ ৰহস্য ৷

লগতে পঢ়কঃগৃহ বিভাগত হাহাকাৰ : কেনেকৈ জামিন পালে পলাতক মফিদুলে ?

ABOUT THE AUTHOR

...view details