ৰাজ্যৰ বাট-পথ বিধস্ত পাচে খবৰ নাই জনপ্ৰতিনিধিৰ ! - গোলাঘাটৰ এটা পথৰ জৰাজীৰ্ণ অবস্থা
গোলাঘাটৰ এটা পথৰ জৰাজীৰ্ণ অবস্থাই জ্বলা কলা খুৱাইছে হাজাৰ হাজাৰ গাওঁবাসীক । যেন পথ নহয় যেন পথাৰ হে । আগলৈও নাযায় পিছলৈও নাযায় বাহন ।
গোলাঘাট, 17 চেপ্তেম্বৰঃ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ এটা পথ । পথটোৱেদি যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি দুৰ্ভোগ ভূগি আহিছে হাজাৰ হাজাৰ গাওঁবাসীয়ে । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজাৰ পর্যাবস্তি অঞ্চলৰ এই পথ চোৱাই দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভোগাইচে ৫০ খনৰো অধিক গাঁৱৰ হাজাৰ হাজাৰ গাওঁবাসীক । পথটোৰে নোসোমাই এম্বুলেন্স, 108 সেৱাৰ গাড়ী । যাৰ বাবে ঠেলা অথবা কান্ধত আনিব লগা হয় ৰোগী সকলক । দৈনিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি দৈনন্দিন কাম কাজৰ বাবে হাজাৰ হাজাৰ লোক অহা যোৱা কৰা এই পথটোৰে পথছোৱাত দৈনিক সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনা । বাৰম্বাৰ চৰকাৰ প্ৰশাসনক আবেদন কৰিও আজি পৰ্যন্ত কোনো সু-ফল নাপালে স্থানীয় লোকসকলে । স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীকো বহুবাৰ পথটোৰ উন্নয়নৰ বাবে আবেদন নিবেদন কৰিও বিফল হ’ল স্থানীয় ৰাইজ । অভিযোগ উত্থাপন হৈছে যে, নিৰ্বাচনৰ সময়তহে দেখা দিয়ে সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়িকা গৰাকীয়ে । নিৰ্বাচন যোৱাৰ পিছত খবৰ লবলৈ আহৰি নাই বিধায়িকাগৰাকীৰ ।