গোলাঘাট,14 নৱেম্বৰঃ ড্ৰাগছ বিৰোধী অভিযানত গোলাঘাট আৰক্ষীয়ে এক উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । জিলাখনত ড্ৰাগছৰ অবাধ সৰবৰাহ তথা ব্যাপকভাৱে ড্ৰাগছ যোগান ধৰি অহা ৰাজেশ প্ৰসাদ যাদৱ নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গোলাঘাট আৰক্ষীয়ে কিছুদিন পূৰ্বে গোলাঘাট নগৰৰ পৰা ড্ৰাগছ আৰু ব্ৰাউন চুগাৰৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী । এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তি আৰু লাভ কৰা তথ্যৰ ভিত্তিত গোলাঘাটত ড্ৰাগছৰ বজাৰ মেলি দিয়া মূল কাণ্ডাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । এক গোপন সূত্ৰৰ পমখেদি গোলাঘাট জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসহ 12 জনীয়া এটা অভিযানকাৰী দলে ডিমাপুৰৰ পুলিচ বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ৰাজেশ প্ৰসাদ যাদৱক ৷
গোলাঘাটত ড্ৰাগছৰ অবাধ সৰবৰাহৰ আঁৰৰ মূল কাণ্ডাৰী গ্ৰেপ্তাৰ - ড্ৰাগছ সৰবৰাহৰ মূল কাণ্ডাৰী গ্ৰেপ্তাৰ
ড্ৰাগছ বিৰোধী অভিযানত গোলাঘাট আৰক্ষীৰ বাবে এক উল্লেখযোগ্য সফলতা ৷ গোলাঘাটত ড্ৰাগছৰ বজাৰখনত ড্ৰাগছৰ যোগান ধৰি অহা এজনক ডিমাপুৰত গ্ৰেপ্তাৰ ৷
তথ্যনুসৰি, প্ৰথম অৱস্থাত ৰাজেশ প্ৰসাদ যাদৱে নিজেই গোলাঘাটলৈ আহি ড্ৰাগছ সৰবৰাহ কৰিছিল । পিছত একাংশ ব্যক্তি ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰাত ৰাজেশ যাদৱৰ পৰা গোলাঘাটৰ ড্ৰাগছৰ ব্যৱসায় পৰিচালনা কৰাৰ দায়িত্ব লৈছিল ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা কিছুসংখ্যক যুৱকে । এইদৰে ডিমাপুৰৰ পৰা ৰে'লযোগে গোলাঘাটৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তলৈ ড্ৰাগছৰ অবাধ সৰবৰাহ হৈ আহিছে ৷ ড্ৰাগছ ব্যৱসায়ৰ অন্যতম অভিযুক্ত ৰাজেশ যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছত গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ৷
আৰু পঢ়কসাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদিকৰ চাইকেল ৰেলী