অসম

assam

ETV Bharat / state

পখিলা খেদাৰ বয়সত দুৰাৰোগ্য ৰোগত আক্ৰান্ত কনমানি উজ্জ্বল - EtvBharatAssam

গোলাঘাটৰ 2নং পুৰাজঙ্ঘল গাঁওৰ প্ৰদীপ গগৈ আৰু মাতু গগৈৰ পুত্ৰ 7 বছৰীয়া উজ্জ্বলৰ চিকিৎসাৰ বাবে প্ৰয়োজন সুহৃদয়ৱানৰ অলপমান সহায় ৷

কনমানি উজ্জ্বল

By

Published : May 29, 2019, 4:24 PM IST

গোলাঘাট, 29 মেঃ পখিলা খেদাৰ বয়সতে দুৰাৰোগ্য ৰোগে কোঙা কৰি পেলাইছে 7বছৰীয়া উজ্জ্বলক ৷ গোলাঘাটৰ 2নং পুৰাজঙ্ঘল গাঁওৰ প্ৰদীপ গগৈ আৰু মাতু গগৈৰ সন্তান উজ্জ্বলৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন সুহৃদয়ৱান লোকৰ আৰ্থিক সাহাৰ্য্য ৷

কনমানি উজ্জ্বল

অধিক পঢ়কঃকপিলীৰ বালিঘাটত উদ্ধাৰ শিশুৰ মৃতদেহ

জন্মৰ ডেৰ বছৰ পিচতেই দুৰ্ভাগ্যবশতঃ বুকুত আঘাত পাইছিল উজ্জ্বলে ৷ তেতিয়াই পৰিয়ালৰ লোকে উজ্জ্বলক ভৰ্তি কৰাইছিল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত ৷ সেই সময়তে উজ্জ্বলৰ উন্নত চিকিৎসাৰ বাবে তাক ডিব্ৰুগড় মেডিকেল কলেজলৈ স্থানান্তৰ কৰিছিল ৷ ডিব্ৰুগড় মেডিকেল কলেজ কৰ্তৃপক্ষই উজ্জ্বলৰ চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব বুলি মত পোষণ কৰিছিল ৷ কিন্তু দিন-হাজিৰা কৰা পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে আজিলৈ যোগাৰ কৰিব নোৱাৰিলে প্ৰয়োজনীয় ধন ৷

সেয়েহে এতিয়া শিশুটিক সুস্থ কৰিবলৈ পিতৃ-মাতৃ প্ৰদীপ গগৈ আৰু মাতু গগৈয়ে সকলোৰে পৰা সহযোগিতা কামনা কৰিছে ৷ কোনো লোকে উজ্জ্বলৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰিলে MATU GOGOI, BANK-AGVB,DOIGRUNG BRANCE AC NO-7216026009348, IFSC CODE-UTBIORRBAGB বেংক একাউন্টত ধন জমা দিবলৈ অনুৰোধ জনাইছে উজ্জ্বলৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷

ABOUT THE AUTHOR

...view details