অসম

assam

ETV Bharat / state

চৰম সংকটৰ মাজেৰে জীৱন-যাপন এগৰাকী দৃষ্টিহীন বৃদ্ধাৰ

লক ডাউনৰ মাজতে উন্মোচিত হৈছে উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ৷ বছৰ বছৰ ধৰি এটা জৰাজীৰ্ণ গৃহতে বাস কৰি থাকিবলগীয়া হৈছে যোৰহাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ ৪৪ নং গাঁও পঞ্চায়তৰ বগৰী গুৰী গাঁৱৰ কনছোৱালী বৰা নামৰ এগৰাকী দৃষ্টিহীন বৃদ্ধা ৷দিন হাজিৰা কৰা একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে বাস কৰি থকা বৃদ্ধাগৰাকীৰ নাই কোনো চৰকাৰী গৃহ, নাই কোনো বৃদ্ধ পেঞ্চন লগতে খাবলৈ নাই উপযুক্ত খাদ্যও ৷

By

Published : May 16, 2020, 8:55 PM IST

Updated : May 17, 2020, 12:49 PM IST

A physically challenged old lady fights for her live
চৰম সংকটৰ মাজেৰে জীৱন-যাপন এগৰাকী দৃষ্টিহীন বৃদ্ধাৰ

যোৰহাট,16মে'ঃপৰিৱৰ্তনৰ কথা কৈ ৰাজ্যৰ শাসনৰ গাদীত বহিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ৷ গাদীত বহি ৰাজ্যৰ দৰিদ্ৰ লোকৰ উন্নয়নৰ বাবে আঁচনিৰ পিছত আন এখন আঁচনি ঘোষণাও কৰে সোণোৱাল চৰকাৰে ৷কিন্তু কাৰ্যতঃ কিমান দূৰ ফলপ্ৰসূ হৈছে আচলতে এই আঁচনিসমূহ ? লক ডাউনৰ মাজতে উন্মোচিত হৈছে উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ৷ বছৰ বছৰ ধৰি এটা জৰাজীৰ্ণ গৃহতে বাস কৰি থাকিবলগীয়া হৈছে যোৰহাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ ৪৪ নং গাঁও পঞ্চায়তৰ বগৰী গুৰী গাঁৱৰ কনছোৱালী বৰা নামৰ এগৰাকী দৃষ্টিহীন বৃদ্ধা ৷দিন হাজিৰা কৰা একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে বাস কৰি থকা বৃদ্ধাগৰাকীৰ নাই কোনো চৰকাৰী গৃহ, নাই কোনো বৃদ্ধ পেঞ্চন লগতে খাবলৈ নাই উপযুক্ত খাদ্যও ৷ অসুস্থ তথা দৃষ্টিহীন বৃদ্ধাগৰাকীৰ ওচৰলৈ আহিবলৈ সময় নাই দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ লগতে কোনো এজন পঞ্চায়ত প্ৰতিনিধিৰো ৷ যাৰ বাবে এতিয়া চৰম সংকটৰ মাজেৰে দুৰ্ভিক্ষৰ জীৱন-যাপন কৰি থাকিবলগীয়া হৈছে দৃষ্টিহীন বৃদ্ধা গৰাকী ৷

চৰম সংকটৰ মাজেৰে জীৱন-যাপন এগৰাকী দৃষ্টিহীন বৃদ্ধাৰ

এতিয়া প্ৰশ্ন হয়, কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধিৰ মনত পৰে নেকি সাধাৰণ ৰাইজলৈ ? দৰিদ্ৰ ৰাইজৰ বাবে ঘোষণা কৰা আঁচনিসমূহে প্ৰকৃততে চুব পাৰিছেনে দৰিদ্ৰ ৰাইজক?চৰকাৰৰ অনুদান সমূহ লাভ কৰিবলৈ সক্ষম হৈছেনে প্ৰকৃত হিতাধিকাৰীয়ে ?

বিচনাত পৰি ৰোৱা এইগৰাকী দৃষ্টিহীন বৃদ্ধাক সহায়ৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধি আগবাঢ়ি আহিবনে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

চৰম সংকটৰ মাজেৰে জীৱন-যাপন এগৰাকী দৃষ্টিহীন বৃদ্ধাৰ

লগতে পঢ়কঃচাৰিটা জ'নক বাদ দি তেলেংগানাত নাই কোভিড সক্ৰিয় ঘটনা

Last Updated : May 17, 2020, 12:49 PM IST

ABOUT THE AUTHOR

...view details