গোলাঘাট, 26 আগষ্ট: বুধবাৰে পুৱা গোলাঘাট জিলাৰ কহঁৰা বনাঞ্চলৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত হয় এটা পহু ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ঘাইপথ অতিক্ৰম কৰাৰ সময়তে পহুটো দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনেই অব্যাহত আছে দ্ৰুতবেগী বাহনৰ চলাচল ৷ বন বিভাগে কেৱল বানৰ সময়তহে ৰাষ্ট্ৰীয় ঘাইপথটোত বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰে যদিও, অন্য সময়ত তেনে কৰা দেখা নাযায় ৷ ঘাইপথটোৰ মাজেৰে প্ৰতি সময়তে বন্যপ্ৰাণীৰ চলাচলো অব্যাহত থাকে ৷ যাৰ বাবে তীব্ৰবেগী বাহনৰ খুন্দাত ভিন্ন সয়মত বন্যপ্ৰাণী দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈ আহিছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷
তীব্ৰবেগী বাহনৰ খুন্দাত মৃৃত্যু ছাগলী পহুৰ - গোলাঘাট জিলা
গোলাঘাট জিলাৰ কহঁৰা বনাঞ্চলৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত পহু ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত বাহনৰ গতিবেগত কোনো ধৰণৰ নিয়ন্ত্ৰণ নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
এই ক্ষেত্ৰত স্থানীয় ৰাইজ সদায় সজাগ হৈ থাকে যদিও, বন বিভাগ এই ক্ষেত্ৰত কিমান সজাগ সেই বিষয়ত সন্দেহ প্ৰকাশ কৰে তেওঁলোকে ৷ আনহাতে তেওঁলোকৰ অভিযোগ, পহুটো নিহত হোৱাৰ বিষয়ে বহু পলমকৈহে অৱগত হয় বন বিভাগৰ লোক ৷ বহু দেৰিলৈ সেই স্থানত উপস্থিত হোৱা নাছিল বন বিভাগৰ লোক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পহুটো ছাগলী পহু বুলি চিনাক্ত কৰে ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যান খনৰ মাজেৰে যোৱা ঘাইপথটোত বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছিল যদিও, সেই নিয়ম সম্প্ৰতি ফলপ্ৰসূ নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷