অসম

assam

ETV Bharat / state

অপহৰণকাৰীৰ কবলৰ পৰা পলাই জীৱন ৰক্ষা যুৱতীৰ - Nitaypukhuri

ধনশিৰি মহকুমৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানীৰ এগৰাকী যুৱতীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অপহৰণ কৰা এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে | অপহৃত যুৱতী গৰাকী তিনি দিনৰ পাচত ডিমাপুৰৰ পৰা পলাই ঘৰত উপস্থিত হোৱাৰ পাছত সমগ্ৰ ঘটনাটোৰ লগত জড়িত সকলৰ কথা স্পষ্ট হয় |

অপহৰণকাৰীৰ কবলৰ পৰা পলাই জীৱন ৰক্ষা যুৱতীৰ

By

Published : Aug 11, 2019, 2:24 PM IST

সৰুপথাৰ, 11 আগষ্টঃধনশিৰি মহকুমৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানীৰ এগৰাকী যুৱতীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অপহৰণ কৰা এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে | জানিব পৰা মতে,টেঙানীৰ এগৰাকী 19 বছৰীয়া যুৱতীক শিৱসাগৰ নিতাইপুখুৰী দুৱৰনিৰ ৰাজু গগৈ ওৰফে জোন গগৈ ওৰফে অনিল গগৈয়ে নিজকে আৰক্ষী জোৱান বুলি মিছা পৰিচয়ৰে টেঙানীৰ পুহিতা গগৈ নামৰ মহিলা গৰাকীৰ সহযোগত টেঙানীৰ দৰিদ্ৰ যুৱতীক বিয়াৰ মিছা প্ৰস্তাৱ দি বলপূৰ্বকভাৱে ডিমাপুৰলৈ নি নিচাযুক্ত দ্ৰব্য সেৱন কৰাই তিনিদিন বন্দী কৰি ৰাখিছিল ৷ সৌভাগ্যক্ৰমে বহিঃৰাজ্যত নাৰী সৰবাহকাৰী দুষ্ট চক্ৰটোৰ কবলৰ পৰা যুৱতীগৰাকী কথমপি পলাই আহি নিজ বাসগৃহত উপস্থিত হয় ৷ যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে | যুৱতী গৰাকীৰ স্বাস্থ্য ইমানেই অৱনতি হোৱা পৰিলক্ষিত হৈছে যে হৈছে যে,এতিয়াও ভালকৈ জ্ঞান ঘূৰি নহাত গোলাঘাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ যুৱতীগৰাকীৰ লগত সংঘটিত এই কাণ্ডই ৰাজ্যত অব্যাহত থকা নাৰীৰ সৰবৰাহকাৰীৰ চক্ৰৰ অতপালিকেই যেন প্ৰমাণ কৰিছে ৷

অপহৰণকাৰীৰ কবলৰ পৰা পলাই জীৱন ৰক্ষা যুৱতীৰ

ABOUT THE AUTHOR

...view details