অসম

assam

ETV Bharat / state

চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাতৰ আহ্বান চৰকাৰলৈ

দেশত চলি থকা লক্ ডাউনৰ মাজত চেন্নাইত আৱদ্ধ গোলাঘাট জিলাৰ মেৰাপানীৰ এটা পৰিয়াল ৷ উপায়বিহীন পৰিয়ালটোৱে চেন্নাইৰ পৰাই সহায়ৰ আহ্বান জনালে অসম চৰকাৰক।

By

Published : May 1, 2020, 12:44 PM IST

a family of golaghat district stucked in Chennai
চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়াল

গোলাঘাট,1 মে'ঃমুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান চেন্নাইত আৱদ্ধ এটি পৰিয়ালৰ ৷ চেন্নাইৰ পৰাই ভিডিঅ' যোগে মুখ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান জনালে গোলাঘাট মেৰাপানীৰ পৰিয়ালটোৱে । লক্ ডাউনৰ পূৰ্বে পিতৃক চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা গোলাঘাট মেৰাপানীৰ বিকি তালুকদাৰ আৰু তেওঁৰ মাতৃয়ে কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ এক ভিডিঅ' যোগে জনাইছে সহায়ৰ আবেদন ।

চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়াল

পিতৃৰ চিকিৎসাৰ বাবে বিকি তালুকদাৰ আৰু তেওঁৰ মাতৃ গৈছিল চেন্নাইলৈ । চিকিৎসাধীন অৱস্থাতেই চেন্নাইত পিতৃৰ মৃত্যু হয় । লক্ ডাউনৰ ফলত পিতৃৰ মৃতদেহ নিজ ঘৰলৈ নিব নোৱাৰি চেন্নাইতে অন্তিম সৎকাৰ সমাপন কৰে । পিতৃৰ অন্তিম সৎকাৰৰ পিছত লক্ ডাউনৰ বাবে এতিয়া চেন্নাইৰ এটা ল'জত আৱদ্ধ হৈ আছে । ইতিমধ্যে পিতৃৰ চিকিৎসাত সকলো টকা পইছা শেষ হৈছে তেওঁলোকৰ । চেন্নাইত থকা-খোৱাৰ যথেষ্ট অসুবিধা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ । সেয়েহে উপায়ন্তৰ হৈ মাতৃ আৰু পুত্ৰই হাত জোৰ কৰি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীক তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে ৷
লগতে চাওকঃৰোমান্টিক হিৰো ঋষি কাপুৰক সুঁৱৰি

For All Latest Updates

ABOUT THE AUTHOR

...view details