গোলাঘাট, 16 মাৰ্চ :নিৰুদ্দেশ হোৱাৰ তিনি দিনৰ পাচত উদ্ধাৰ হ'ল কণমানি দীপক ৰবিদাসৰ মৃতদেহ । ১২ মাৰ্চত বিদ্যালয় ছুটি হোৱাৰ পাচৰে পৰা কোনো সন্ধান নাছিল দীপক ৰবিদাসৰ । দীপকৰ সন্ধান চলাইছিল পিতৃ মাতৃৰ লগতে আৰক্ষীয়েও । উল্লেখ্য যে, থুৰাজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা পমিলা ইন্দুৱাৰৰ বক্তব্যই সলনি কৰিছিল তদন্তৰ দিশ। নিজ খুড়াক অজিত ৰবিদাসে দীপকক চাইকেলত উঠাই নিয়া প্ৰত্যক্ষ কৰিছিল পমিলা ইন্দুৱাৰে। সেই কথা পিতৃ মাতৃক জনোৱাৰ পিচতেই তেওঁলোকৰ সন্দেহ ওপজিছিল অজিত ৰবিদাসৰ ওপৰত । আৰক্ষীৰ জেৰাত ভতিজাক দীপকক নৃসংশভাৱে হত্যা কৰাৰ কথা স্বীকাৰ কৰে অজিতে।
ঘাতক ৰূপী খুড়া : অন্ কেমেৰা হত্যাকাণ্ডৰ হু-বহু ভাষ্য ! - খুড়াকৰ হত্যাৰ বলি হ'ল দীপক
অৱশেষত উদ্ধাৰ হ'ল কণমানি দীপক ৰবিদাসৰ মৃতদেহ । গোলাঘাটৰ ৰঙাজান ডনবক্স হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল দীপক । যোৱা ১২ মাৰ্চত বিদ্যালয় চুটি হোৱাৰ পিচতেই নিজ খুড়াক অজিত ৰবিদাসে অপহৰণ কৰি নি হত্যা কৰিছিল দীপকক।

কণমানি দীপকক শিল নতুবা গধুৰ কোনো বস্তুৰে প্ৰহাৰ কৰি থেতালি পেলাইছিল মুখ মণ্ডল অভিযুক্তই ৷ ইয়াৰ উপৰিও বিদ্যালয়লৈ পিন্ধি যোৱা জোতাৰ লেচেৰে ডিঙিত মেৰিয়াই নৃসংশভাৱে হত্যা কৰিছিল কণমাণি দীপকক । হত্যাৰ পিচত মুৰফলনিৰ সমীপৰ মধুৱনৰ এটা কালভাৰ্টত মৃতদেহটো পেলাই দিয়ে অভিযুক্ত অজিতে । আৰক্ষীয়ে বৰ্তমান উদ্ধাৰ কৰিছে মৃতদেহ । উল্লেখ্য যে, ১১ মাৰ্চত দীপকৰ পিতৃৰ লগত ভূমি সংক্ৰান্তীয় সংঘাত ঘটিছিল অজিত ৰবিদাসৰ । পৰিয়ালৰ মতে সেই ভূমি বিবাদৰ বাবেই অজিতে হত্যা কৰিলে নিজ ভতিজাকক । বৰ্তমান আৰক্ষীয়ে অজিতক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :