কলিয়াবৰ,26 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো উদ্যাপিত হয় ৭১ সংখ্যক গণতন্ত্ৰ দিৱস । কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কুঁৱৰী টোলৰ ঐতিহাসিক গান্ধী খেল পথাৰত পতাকা উত্তোলন কৰি মাৰ্চ-পাষ্টৰ অভিবাদন গ্ৰহণ কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে । পতাকা উত্তোলন কৰি দিয়া ভাষণত বিতুপন নেওগে দেশৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।
কলিয়াবৰত ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন - 71 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন
কলিয়াবৰত আকৰ্ষণীয় মাৰ্চ-পাষ্ট, প্ৰতীক-পট প্ৰদৰ্শনৰে 71 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন ৷ কলিয়াবৰৰ কুঁৱৰী টোলৰ ঐতিহাসিক গান্ধী খেল পথাৰত উদযাপন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন মহকুমাধিপতি বিতুুপন নেওগে ৷
কলিয়াবৰত ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন
আজিৰ অনুষ্ঠানত কলিয়াবৰৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয় । বিদ্যালয়-মহাবিদ্যালয় তথা আৰক্ষী বাহিনীয়ে পেৰেডত অংশগ্ৰহণ কৰে । লগতে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাটাও নিৰাপত্তাৰক্ষীৰ বিভাগে প্ৰতীক পট প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷
লগতে পঢ়ক:বিস্ফোৰণ সম্পৰ্কত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া