অসম

assam

ETV Bharat / state

অসম নাগালেণ্ড সীমান্তত অস্ত্ৰসহ আটক 6 যুৱক

আটক হোৱা যুৱককেইজন নগা উগ্ৰপন্থী দলৰ সদস্য বুলি সন্দেহ আৰক্ষীৰ ৷

অসম নগালেণ্ড সীমান্তত অস্ত্ৰসহ আটক 6 যুৱক

By

Published : Apr 20, 2019, 10:00 PM IST

সৰুপথাৰ, 20 এপ্ৰিল: অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ 6 জন যুৱক ৷ শুকুৰবাৰে নিশা আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় যুৱককেইজন ৷

অসম নগালেণ্ড সীমান্তত অস্ত্ৰসহ আটক 6 যুৱক

অসম নাগালেণ্ড সীমান্তত কুটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে মাৰণাস্ত্ৰ সৰবৰাহ কৰিছিল যুৱকৰ দলটোৱে ৷ যুৱককেইজনৰ পৰা আৰক্ষীয়ে এটা একে চিৰিজৰ ৰাইফল, ২৯ ৰাউণ্ড সক্ৰিয় গুলী, মেগজিন, ৫ টা মোবাইলৰ লগতে দুখন অট' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱককেইজন ক্ৰমে খয়াক কন্যাক, চাটাম কন্যাক, কাইমাং উঙ, অ'টু ছুমী, আস্কাৰ আলি আৰু তেজবাহাদুৰ ছেত্ৰী ৷ যুৱককেইজনৰ এজন এন এচ চি এন (খাপলাং) গোটৰ সদস্য বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আটক হোৱা যুৱককেইজন নগা উগ্ৰপন্থী দলৰ সদস্য বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details