অসম

assam

ETV Bharat / state

খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা 45 জনকৈ যুৱক - বহিঃৰাজ্য

আজি বহিঃৰাজ্যৰ পৰা অহা 45 জন যুৱক উপস্থিত হয় খুমটাইৰ চিনাতলীস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত৷গোটেইকেইজন যুৱককে জৱাহৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে ৷কোৱাৰেণ্টাইনত থকা যুৱকসকলৰ সৰহসংখ্যকেই চেন্নাইৰ পৰা অহা বুলি জানিব পৰা গৈছে ৷

45 young people quarantine at Khumtai Quarantine Center
খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা 45 জনকৈ যুৱক

By

Published : May 23, 2020, 7:35 PM IST

খুমটাই,23মে': ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰাখিবৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰসমূহ সাজু কৰি তুলিছে গোলাঘাট জিলা প্ৰশাসনে ৷ ইতিমধ্যে আজি বহিঃৰাজ্যৰ পৰা অহা 45 জন যুৱক উপস্থিত হয় খুমটাইৰ চিনাতলীস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত৷গোটেইকেইজন যুৱককে জৱাহৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে ৷কোৱাৰেণ্টাইনত থকা যুৱকসকলৰ সৰহসংখ্যকেই চেন্নাইৰ পৰা অহা বুলি জানিব পৰা গৈছে ৷ ইপিনে কোনো কাৰণতে যাতে বহিঃৰাজ্যৰ পৰা অহা লোক অন্য লোক অথবা সামাজিক সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থা গঢ়ি তোলাও পৰিলক্ষিত হৈছে । আনহাতে কোৱাৰেণ্টাইন চেণ্টাৰ পৰিস্কাৰ কৈ ৰাখিবৰ বাবে চাফাই কৰ্মী নিয়োজিত কৰাৰ লগতে ল'বলগীয়া সাৱধানতাৰ বিষয়েও চিকিৎসক সকলে পৰামৰ্শ আগবঢ়াইছে ৷

খুমটাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা 45 জনকৈ যুৱক

ABOUT THE AUTHOR

...view details