অসম

assam

ETV Bharat / state

বহিঃজিলাৰ পৰা গোলাঘাট পালেহি 42জনকৈ যাত্ৰী। - আন্তঃজিলা যাতায়ত

পৰিবহন বিভাগৰ 5 খনকৈ বাছেৰে শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ পৰা 42 জনকৈ লোক উপস্থিত হ'ল গোলাঘাট জিলাত ৷

42 Peoples comes to Golaghat  by ASTC Bus
বহিঃজিলাৰ পৰা গোলাঘাট পালেহি 42জনকৈ যাত্ৰী।

By

Published : Apr 26, 2020, 11:11 AM IST

গোলাঘাট,26এপ্ৰিলঃ লক ডাউনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ লোকসকলক নিজ গৃহলৈ লৈ যোৱাৰ বাবে চৰকাৰে 25 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈকে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ৷ কালিৰে পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সুযোগ গ্ৰহণ কৰিছে কৰ্মসূত্ৰে আবদ্ধ হৈ থকা লোকসকলে ৷ আজি পুৱাই বহিঃজিলাৰ পৰা গোলাঘাট পালেহি একাংশ যাত্ৰী ৷ পৰিবহন বিভাগৰ 5 খনকৈ বাছেৰে শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ পৰা 42 জনকৈ লোক আন্তঃজিলা যাতায়তৰ ব্যৱস্থা গ্ৰহণ কৰি উপস্থিত হ'ল গোলাঘাটত ৷

বহিঃজিলাৰ পৰা গোলাঘাট পালেহি 42জনকৈ যাত্ৰী।

ইপিনে ৰে'ড জ'ন হিচাপে চিহ্নিত হোৱা গোলাঘাট জিলাত যাত্ৰীসকল উপস্থিত হোৱাৰ পিছতে প্ৰতিগৰাকী যাত্ৰীক দণ্ডাধীশ,জিলা পৰিবহন বিষয়া,এনফ'ৰ্ছমেণ্ট বিষয়া,আৰক্ষী বিষয়াৰ উপস্থিতিত চিকিৎসকৰ দলে পৰীক্ষা কৰে ৷ ইয়াৰ পিছতে গোলাঘাট ASTC বাছ আস্থানৰ পৰা লোকসকলক গাড়ীৰে নিজ গৃহলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ৷ আনহাতে ৰেড জ'ন হিচাপে চিহ্নিত হোৱা গোলাঘাট জিলাৰ পৰা কোনো লোকক অন্য জিলালৈ যাবলৈ বৰ্তমানেও অনুমতি দিয়া হোৱা নাই ৷

লগতে পঢ়কঃ গ্ৰাম্য অঞ্চলত দোকান খুলিবলৈ অনুমতি গৃহ মন্ত্ৰণালয়ৰ

ABOUT THE AUTHOR

...view details