অসম

assam

By

Published : Apr 26, 2020, 8:44 PM IST

ETV Bharat / state

গোলাঘাটত চিকিৎসাধীন চাৰিজন ক'ৰণা ৰোগীক মুকলি

গোলাঘাটৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদীৰ লগতে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় অধীক্ষকৰ উপস্থিতিত দেওবাৰে মুকলি কৰি দিয়ে 4 জন ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকক ৷ ইতিমধ্যে তেওঁলোকক ফেচিলেট কোৱাৰেন্টাইনত এনাজৰী বিবাহ ভৱনত 14 দিনৰ বাবে ৰখা হ'ব বুলি সদৰি কৰে উপায়ুক্তই ৷

ETV BHARAT
গোলাঘাটত চিকিৎসাধীন চাৰিজন ক'ৰণা ৰোগীক মুকলি

গোলাঘাট, 26 এপ্ৰিলঃ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন চাৰিজন ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীক মুকলি কৰি দিয়ে । উপায়ুক্ত,স্বাস্থ্য বিষয়া আৰু চিকিৎসকৰ উপস্থিতিত মুকলি কৰি দিয়ে লোক কেইজনক ৷

গোলাঘাটত চিকিৎসাধীন চাৰিজন ক'ৰণা ৰোগীক মুকলি

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন চাৰিজন ক'ৰণা ৰোগীক দেওবাৰে মুকলি কৰি দিয়ে। গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক,শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় অধীক্ষকে এখনকৈ গামোচা আৰু ফল-মূলৰ পাচিৰে মুকলি কৰি দিয়ে ক'ৰণা ৰোগীসকলক। মুকলি কৰি দিয়া লোক কেইজন হ'ল আনোৱাৰা হুছেইন ঘৰ দীঘলীপাম দেৰগাঁৱৰ,এলিনা বেগম,ঘৰ ঢুলীয়া গাওঁ মৰঙ্গি,ৰহিমুদ্দিন আহমেদ আৰু চালেহা বেগম ভেলৌগুৰি মেৰাপানীৰ বুলি জানিব পৰা গৈছে। আনহাতে,পুনৰ পৰীক্ষাত পজিটিভ ওলোৱাত চিকিৎসাধীন হৈ থাকিব লাগিব আন এগৰাকী মহিলা ৰোগী ।

উল্লেখ্য যে, গোলাঘাটত মুঠ 9 জন কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগী চিকিৎসাধীন হৈ আছিল। ইয়াৰে চাৰিজনক যোৱা 18 এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত থাকি মুকলি কৰি দিছিল। আনহাতে, দেওবাৰে মুকলি কৰি দিয়া চাৰিজন লোকক বৰ্তমান ফেচিলেট কোৱাৰেন্টাইনত এনাজৰী বিবাহ ভৱনত 14 দিনৰ বাবে ৰখা হ'ব বুলি জানিব পৰা গৈছে । ইফালে চাৰিজন ৰোগীয়েই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কষ্টৰ শলাগ লোৱাৰ লগতে চিকিৎসকৰ লগতে সকলো প্ৰশাসন আৰু সকলো স্বাস্থ্যকৰ্মী সকলক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জনায় ৷

লগতে পঢ়ক- মাদ্ৰাছাৰ নাম ফলকত ৰং ঘঁহি লিখিলে জয় শ্ৰীৰাম

ABOUT THE AUTHOR

...view details